স্থগিত অৰ্ণৱ গোস্বামীৰ জামিনৰ ৰায়দান

0 274

এজন আৰ্কিটেক্ট আৰু তেওঁৰ মাতৃক আত্মহত্যা কৰাৰ বাবে প্ৰৰোচনা চলোৱা গোচৰত কাৰাবন্দী হৈ থকা দেশৰ অন্যতম আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ৰিপাব্লিক টিভিৰ সাংবাদিক অৰ্ণৱ গোস্বামীৰ জামিনৰ আৱেদনৰ ৰায়দান শনিবাৰে ব’ম্বে উচ্চ ন্যায়ালয়ে স্থগিত ৰাখিছে।ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ এছ সিন্ধে আৰু এম এছ কাৰ্নিকৰ দ্বাৰা গঠিত খণ্ড বিচাৰ পীঠে শনিবাৰেও জামিন প্ৰদান নকৰিলে ব’ম্বে ন্যায়ালয়ে।উল্লেখ্য যে, ২০১৮চনৰ ৫মে’ত আত্মহত্যা কৰা মুম্বাইৰ উপকণ্ঠ আলিবাগৰ আৰ্কিটেক্স অন্বয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকৰ ছুইচাইড নোটৰ ওপৰত ভিত্তি কৰি মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অৰ্ণৱ গোস্বামীক।

media school
Leave A Reply

Your email address will not be published.