পাঁচ লাখ ভাৰতীয়ক মাৰ্কিন নাগৰিকত্ব দিব বাইডেন প্ৰশাসনে

0 241

নৱনিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে প্ৰব্ৰজনকাৰীসকলক মাৰ্কিন নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।প্ৰকাশিত তথ্য অনুসৰি দেশখনৰ প্ৰায় এঘাৰ নিযুত নথিবিহীন প্ৰব্ৰজনকাৰীক আমেৰিকাৰ নাগৰিকত্ব দিবলৈ সাজু হৈছে বাইডেন প্ৰশাসন।ইয়াৰ ভিতৰত আছে প্ৰায় পাঁচলাখ ভাৰতীয়।উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত বছৰি প্ৰায় ৯৫ হেজাৰ শৰণাৰ্থীয়ে প্ৰৱেশ কৰে যদিও তেওঁলোকৰ কোনো লিখিত তথ্য মাৰ্কিন চৰকাৰৰ হাতত মজুত নাই।যাৰ বাবে বাইডেন প্ৰশাসনে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মাৰ্কিন কংগ্ৰেছত এই সন্দৰ্ভত এক প্ৰস্তাৱ গৃহীত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

media school
Leave A Reply

Your email address will not be published.