ৰঙা চীনৰ শেণচকু অৰুণাচলত—–

0 118

ভাৰতৰ অৰুণাচল প্রদেশৰ সীমান্তৱর্তী তিব্বতৰ লিনঝিক চীনৰ দক্ষিণ-পশ্চিম ছিচুৱান প্রদেশ সংযােগকাৰী ৪৭.৮ বিলিয়ন মার্কিন ডলাৰ ব্যয় সাপেক্ষ ৰেলৱে প্ৰকল্পৰ নিৰ্মাণ কার্য খৰতকীয়া কৰিবলৈ দেওবাৰে নির্দেশ দিয়ে চীনা ৰাষ্ট্রপতি জি জিনপিঙে।সীমান্ত অঞ্চলৰ সুস্থিৰতা ৰক্ষা কৰাৰ ক্ষেত্ৰত এই প্রকল্পই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব । এই ছিচুৱান-তিব্বত ৰেল লাইন হ’ব তিব্বতলৈ যােৱা দ্বিতীয়টো ৰেল লাইন ।ছিচুৱান প্রদেশৰ ৰাজধানী চেংডুৰ পৰা আৰম্ভ হৈ এই ৰেলপথে য়ানৰ মাজেৰে যাত্রা কৰি কোৱামড’ হৈ তিব্বতত প্রৱেশ কৰিব আৰু চেংডুৰ পৰা লাছালৈ ভ্ৰমণৰত ৪৮ ঘণ্টাৰ পৰা ১৩ ঘণ্টালৈ হ্ৰাস কৰিব ।মন কৰিবলগীয়া লিনঝি অর্থাৎ নিংচি অৰুণাচল প্রদেশৰ নিকট সীমান্তৱর্তী অঞ্চল। ভাৰত আৰু চীনৰ মাজত সীমা বিবাদ অব্যাহত থকাৰ সময়তে চীনা ৰাষ্ট্ৰপতিৰ এনে তৎপৰতাক লৈ সন্দেহৰ স্পষ্ট সৃষ্টি হৈছে । ইতিমধ্যে চীনে লিনঝিত এটা বিমানকোঠ নির্মাণ কৰিছে ।

media school
Leave A Reply

Your email address will not be published.