১ ডিচেম্বৰ পৰা মুকলি হ’ব অসম ৰাজ্যিক চিৰিয়াখানা—–

0 177

কোভিড প্ৰটকল মানি মুকলিৰ বাবে সাজু হৈছে অসম ৰাজ্যিক চিৰিয়াখানা ৷ক’ৰোণা মহামাৰীৰ বাবে ১৬ মাৰ্চৰ পৰাই বন্ধ আছিল অসম ৰাজ্যিক চিৰিয়াখানা৷ কোভিড মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্য চৰকাৰৰ নিদেৰ্শমৰ্মে চিৰিয়াখানা কৰ্তৃপক্ষই বন্ধ কৰি ৰাখিছিল চিৰিয়াখানাখনা৷ বিগত ৮টা মাহে বন্ধৰ সময়ছোৱাত যাতে জীৱকূলে কোনো ধৰণৰ সমস্যা নাপাই তাৰ বাবে বিশেষভাৱে নজৰ ৰাখে চিৰিয়াখানাৰ কৰ্তৃপক্ষই৷ শেহতীয়াকৈ কোৰণাৰ ভয়াৱহতা কিছু পৰিমানে হ্ৰাস পোৱাত দৰ্শণাৰ্থীৰ বাবে কোভিড প্ৰটকল মানি পুনৰ মুকলি কৰাৰ বাবে সাজু হৈছে চিৰিয়াখানা কৰ্তৃপক্ষ৷১ ডিচেম্বৰ পৰা মুকলি হ’লেও এটা দিনত ৯০০ দৰ্শণাৰ্থী সোমাব পাৰিব চিৰিয়াখানাত৷দুটা ভাগত চিৰিয়াখানা উপভোগ কৰিব পাৰিব দৰ্শণাৰ্থীসকলে৷ পুৱা ৮ বজাৰ পৰা ১১ বজালৈ আৰু ১ বজাৰ পৰা ৪ বজালৈ চাব পাৰিব চিৰিয়াখানা৷ অনলাইনযোগে উপলব্ধ হব চিৰিয়াখানাৰ টিকট৷ অৱশ্যে অনলাইন টিকট নাপালেও অফলাইনৰ জৰিয়তেও টিকটৰ ব্যৱস্থা থাকিব চিৰিয়াখানা চৌহদত৷

media school
Leave A Reply

Your email address will not be published.