দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি হ’ব ড’নাল্ড ট্ৰাম্প-মাইক পম্পিও

0 155

দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ পাছত বিশ্বৰ শক্তিশালী দেশ আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপ্ৰধান হিচাপে ঘোষিত হ’ল বিৰোধী ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেনৰ নাম।ইতিমধ্যে বিশ্ববাসীয়ে আদৰণি জনাইছে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনক।কিন্তু তাৰ মাজতে মাৰ্কিন বিদেশ সচিৱ মাইক পম্পিওৰ এক বিষ্ফোৰক মন্তব্যই বিশ্বৰ ৰাজনৈতিক ক্ষেত্ৰত তোলপাৰ লগাইছে।মাইক পম্পিওৰ মতে- “৩নৱেম্বৰত অনুষ্ঠিত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰলৈ জয়ী হৈছে আৰু জানুৱাৰী মাহত হোৱাইট হাউচত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব।আনকি দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি হিচাপে কেনেদৰে কাম-কাজ আৰম্ভ কৰিব তাকে লৈও আলোচনা কৰি থকা হৈছে।আমেৰিকাৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিটো ভোটৰে হিচাপ হ’ব।আচল ফলাফল তেতিয়ালৈহে পোহৰলৈ আহিব। ২০২০চনৰ পুনৰাবৃত্তি ঘটিব ২০২১চনত।”
মাৰ্কিন বিদেশ সচিবগৰাকীৰ এনে মন্তব্যই এতিয়া আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বেছ চৰ্চা লাভ কৰিছে।

Leave A Reply

Your email address will not be published.