সমাধানৰ পথত ভাৰত-চীনৰ মাজত চলি থকা সীমা বিবাদ

0 136

পূৱ লাডাখত ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা বিবাদ শীঘ্ৰে সমাধানৰ পথত। দৰাচলতে, দুয়োখন দেশৰ সেনাই পূৱ লাডাখ অঞ্চলক লৈ মিমাংসালৈ আহিব বিচাৰিছে, যাৰ জৰিয়তে দুয়োখন দেশৰ জোৱানসকলে এপ্ৰিল-মে মাহৰ দৰে তেওঁলোকৰ পুৰণি স্থিতিলৈ ঘূৰি আহিব। ৬ নৱেম্বৰত চুশুলত কেম্প-কমাণ্ডাৰ অষ্টম পৰ্যায়ত আলোচনাত এই বিষয়ে আলোচনা কৰা হৈছিল।আলোচনাৰ পৰৱৰ্তী এসপ্তাহৰ ভিতৰত ইয়াক ৰূপায়ণ কৰা হ’ব। প্ৰথম পৰ্যায়ত দুয়োখন দেশৰ সশস্ত্ৰ বাহনক পংগং লেকৰ অঞ্চলৰ পৰা সকলো নিৰীক্ষণ কৰিব। দ্বিতীয় পৰ্যায়ত দুয়োখন দেশে পেংগং লেকৰ উত্তৰ প্ৰান্তৰ পৰা তেওঁলোকৰ সেনাক পিছুৱাই আনিব।দুয়োপক্ষই আঁচনিখনৰ বাবে এইবাবেও সন্মত হৈছে কিয়নো বৰ্তমান পূৱ লাডাখৰ শৃংগবোৰত প্ৰবল তুষৰপাত হৈ আছে। প্ৰায় ১৫-১৬ হেজাৰ উচ্চতাত, তাপমাত্ৰা মাইনাচ ৪৫ ডিগ্ৰী পৰ্যন্ত হয়। ইয়াৰ ফলত সেনা সকলেই আটাইতকৈ বেছি দুৰ্ভোগ ভূগিব লগা হয়।

media school
Leave A Reply

Your email address will not be published.