মিত্ৰদেশৰ অনুৰোধ ৰক্ষা কৰিব ৰাছিয়াই,প্ৰদান কৰিব………..

0 189

মিত্ৰদেশৰ অনুৰোধ ৰক্ষা কৰি ৰাছিয়াই অচিৰেই ভাৰতলৈ প্ৰেৰণ কৰিব প্রতিৰক্ষা ক্ষেপণাস্ত্র এছ–৪০০।ৰাছিয়ান কূটনীতিক এগৰাকীয়ে সদৰী কৰি অনুসৰি ২০২১চনত ভাৰতে এই ক্ষেপনাস্ত্ৰসমূহ লাভ কৰিব।ইয়াৰ লগে লগে সবল হৈ পৰিব দেশৰ প্ৰতিৰক্ষা বিভাগ।অকল সেয়াই নহয়, দীর্ঘকালীন ভাৰতৰ মিত্র ৰাষ্ট্র হিচাপে ৰাছিয়াই দেশখনক কে২২৬ হেলিকপ্টাৰ প্রদান কৰাৰো সম্ভাৱনা আছে৷ অত্যাধুনিক ক্ষমতাসম্পন্ন এই হেলিকপ্ঢাৰ ৰাছিয়াৰ পৰা ভাৰতে ক্রয় কৰাৰ বিষয়টো সন্দর্ভত ইতিমধ্যে আলোচনা চলাইছে৷ মেক ইন ইণ্ডিয়া আৰু আত্মনির্ভৰ ভাৰত আঁচনিৰ অধীনত নতুন দিল্লী প্রশাসনে প্রতিৰক্ষা ক্ষেত্রক সুদৃঢ় কৰিবলৈ ৰাছিয়াৰ পৰা এই হেলিকপ্টাৰ ক্রয় কৰিব৷ ৰাছিয়ান কূটনীতিক ৰোমান বেবুস্কিনে এই তথ্য সদৰী কৰিছে৷

media school
Leave A Reply

Your email address will not be published.