“ৰাহুল গান্ধীৰ যোগ্যতা নাই,তেওঁ অধৈৰ্য্য”-কোনে ক’লে এই কথা

0 156

প্ৰকাশ পালে মার্কিন যুক্তৰাষ্ট্রৰ প্রাক্তন ৰাষ্ট্রপতি বাৰাক ওবামাৰ ৰাজনৈতিক স্মৃতিচাৰণ কৰি লিখা গ্ৰন্থ“A Promised Land” ।এই গ্ৰন্থখনতে তেওঁ উল্লেখ কৰিছেমার্কিন যুক্তৰাষ্ট্র আৰু অন্যান্য বহু কেইজন নেতাৰ চৰিত্রগত বৈশিষ্ট্য।ইয়াৰ ভিতৰত ভাৰতৰ ৰাহুল গান্ধী আৰু প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ কথাও ওবামাই উল্লেখ কৰিছে।নিউয়র্ক টাইমছৰ এক প্রতিবেদন অনুসৰি বাৰাক ওবামাই নিজৰ গ্ৰন্থখনত ৰাহুল গান্ধীৰ চৰিত্রগত বৈশিষ্ট্য কথা তুলি ধৰি লিখিছে যে- “ৰাহুল এজন ছাত্ৰৰ দৰে। তেওঁ নিজৰ সন্মুখৰ মানুহক প্ৰভাৱিত কৰিবলৈ আপ্রাণ চেষ্টা কৰে।কিন্তু সমস্যা সমাধান কৰিবলৈ ধৈর্য কম।” লগতে ওবামাই ৰাহুল গান্ধীৰ শিক্ষাগত যোগ্যতা কম বুলিও উল্লেখ কৰে।আনহাতে প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ সম্পর্কেও উল্লেখ কৰিছে ওবামাই।তেওঁ লিখিছে, “মনমোহন সিঙৰ মাজত সততা আৰু নিষ্ঠা আছে।”
উল্লেখ্য যে,হোৱাইট হাউছত কটোৱা আঠটা বছৰত বাৰাক ওবামাই উপলব্ধি কৰা ৰিস্থিতি, সমস্যা সমাধান কৰা মুহূর্ত সম্পর্কে তেওঁৰ আত্মজীৱনীখনত বিস্তাৰিত ৰূপত লিখিছে।

media school
Leave A Reply

Your email address will not be published.