LOCত উলংঘন নিয়ন্ত্ৰণ ৰেখা;পুনৰ ৰক্তাক্ত হ’ল উৰি…….

0 396

দেৱালীৰ প্ৰাক মূহুৰ্ততে নিৰীহৰ তেজেৰে ৰাঙলী হ’ল নিয়ন্ত্ৰণ ৰেখা।কাশ্মীৰৰ উৰিত পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ হ’ল তিনিজন ভাৰতীয় সেনা। লগতে পাকিস্তানৰ আক্ৰমণত নিহত হৈছে দুজন নিৰীহ লোক। সংবাদসংস্থা এ এন আইৰ ফালৰ পৰা এই কথা দাবী কৰিছে। ইয়াৰ বাদেও বহু সাধাৰণ মানুহ আহত হোৱাৰ খবৰ লাভ কৰা হৈছে।ইফালে পাকিস্তানক লগে লগে প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই। সংবাদসংস্থা এ এন আইৰ দাবী, ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত সাতৰ পৰা আঠ জন পাকিস্তানী সেনাৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে পাকিস্তানী সেনাৰ স্পেচিয়েল চাৰ্ভিচ গ্ৰুপৰ দুইৰ পৰা তিনিজন কামাণ্ডো।আজিৰ দিনটোত পাৰিস্তানী সেনাই যুদ্ধ বিৰতি উলংঘন কৰি ভাৰতৰ সীমান্তলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। কিন্তু লগে লগে ইয়াৰ উত্তৰ দিয়ে ভাৰতীয় সেনাই। পাকিস্তানী সেনাৰ আক্ৰমণত চাব ইন্সপেক্টৰ ৰাকেশ ডোভালে গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লৈছে।

media school
Leave A Reply

Your email address will not be published.