পুনৰ চিন্তা-চৰ্চা কৰক ট্ৰাম্পে-সকীয়নি নাটো সচিবপ্ৰধানৰ…….

0 207

আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আফগানিস্তানৰ পৰা দেশখনৰ গৰিষ্ঠসংখ্যক সৈনিকক গৃহভূমিলৈ ওভতাই নিব বুলি ঘোষণা কৰাৰ পিছতে নাটো বাহিনীৰ সচিবপ্রধান জেনছ ষ্ট’লটেন বার্গে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷
নাটোৰ সচিবপ্রধানগৰাকীয় উল্লেখ কৰিছে যে -আফগানিস্তানৰ পৰা মার্কিন বাহিনীৰ প্রত্যাৱর্তনৰ ফলত সামৰিক সংস্থাসমূহে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ সামৰিক সংস্থাসমূহে ট্রাম্প প্রশাসনৰ এই সিদ্ধান্তৰ মূল্য ভৰিব লাগিব বুলি সতর্কবাণী কৰিছে ষ্ট’লটেন বার্গে৷নাটোৰ সচিবপ্রধানগৰাকীয়্ উল্লেখ কৰিছে যে আফগানিস্তানত ২০ বছৰ ধৰি নাটো বাহিনীৰ সৈনিক ৰখা হৈছে৷ কোনেও প্রয়োজনতকৈ বেছি দিন আফগানিস্তানত থাকিব নিবিচাৰে৷ কিন্তু কোনোধৰণৰ সমন্বয় ৰক্ষা নকৰাকৈ আমেৰিকাই আফগানিস্তানৰ পৰা নিজ বাহিনীক গৃহভূমিলৈ ওভতাই নিলে পৰিস্থিতি অধিক জটিল হৈ পৰিব৷ গতিকে হোৱাইট হাউছ প্রশাসনে এই বিষয়টো সন্দর্ভত পুনৰ চিন্তা কৰা উচিত বুলিও মন্তব্য কৰিছে ষ্ট’লটেনবার্গে৷

Leave A Reply

Your email address will not be published.