আইফোন প্ৰেম,আইফোনৰ প্ৰেমত অন্ধ হৈ বিক্ৰী কৰিলে কিডনী, আৰু তাৰ পাছত——

0 340

এটা আইফোনৰ গৰাকী হোৱাৰ হেঁপাহ কাৰ নো নাথাকে?কিন্তু দামৰ কথা ভাবিৱেই বহুতৰ আশাত চেচাঁপানী পৰে।কিন্তু এই পৃথিৱীত এনে মানুহো আছে, যিয়ে নিজৰ অংগ বিক্ৰী কৰিও ক্ৰয় কৰিব বিচাৰে আইফোন। আইফোন-১২ উন্মোচনৰ পিছতেই ইণ্টাৰনেটত এনেধৰণৰ বহু কথাই বহুল চৰ্চা লাভ কৰিছিল।বহুতে ছোচিয়েল মিডিয়াত পোষ্ট কৰিছিলইমান দামী ফোন কিনিবলৈ হয় চুৰি কৰিব লাগিব,নহয় বিক্ৰী কৰিব লাগিব কিডনি। কিন্তু এই কথাষাৰ সঁচা প্ৰমাণিত কৰিলে চীনৰ এজন যুৱকে। চীনৰ ১৭ বছৰীয়া ৱাং ছাংকু নামৰ যুৱকজনে ক’লা বজাৰত ৩২৭৩ মাৰ্কিন ডলাৰৰ বিনিময়ত কিডনি বিক্ৰী কৰি ক্ৰয় কৰিছিল আইফোন-১২। অনলাইনত এই বন্দোৱস্তি কৰি নিজৰ সোঁ কিডনিটো বিক্ৰী কৰিছিল ছাংকুৱে। কিন্তু অবৈধ অস্ত্ৰোপচাৰৰ পিছতে ছাংকুৰ অৱস্থাৰ অৱনতি ঘটে আৰু তেতিয়াৰ পৰা আজিলৈকে শয্যাশায়ী হৈ আছে তেওঁ। এই ঘটনাৰ পিছত মাকৰ আগত সবিশেষ বিৱৰি কৈছিল যুৱকজনে।ঘটনাৰ অনুসন্ধান কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৯জনকৈ লোকক।

media school
Leave A Reply

Your email address will not be published.