পুনৰ অধিগ্ৰহণ হ’ব নেকি লাডাখৰ ভূমি!কোনে নিৰ্মাণ কৰিছে অত্যাধুনিক কেম্প???

0 325

লাডাখত নিৰ্মাণ হৈছে অত্যাধুনিক স্মাৰ্ট কেম্প।এই শিবিৰসমূহত আছে বিদ্যুৎ, পানী,স্বাস্থ্য সেৱাকে ধৰি সকলো ব্যৱস্থা। কিন্তু কাৰ বাবে আৰু কিয় নিৰ্মাণ কৰা হৈছে এইসমূহ অত্যাধুনিক কেম্প।ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদমাধ্যমসমূহৰো দৃষ্টি আকৰ্ষণ কৰিছে লাডাখৰ এই কেম্পসমূহে।তাৰ মাজতে জনপ্ৰিয় সংবাদ প্ৰতিস্থান ‘ANI’য়ে প্ৰকাশ কৰা তথ্য অনুসৰি লাডাখৰ প্ৰতিকূল পৰিস্থিতিত কৰ্মৰত সেনাৰ জোৱানসকলৰ বাবে ভাৰতীয় সেনাই ব্যৱস্থা কৰিছে এইসমূহ অত্যাধুনিক স্মাৰ্ট কেম্প।

পূব লাডাখৰ ভাৰত-চীন সীমান্তত প্ৰচণ্ড শীতৰ সৈতে যুঁজি দেশৰক্ষাৰ বাবে ২৪ ঘণ্টাই ব্যস্ত সেনা জৱানসকলৰ বাবে এই কেম্পসমূহৰ ব্যৱস্থা কৰা হৈছে । এই শিবিৰসমূহত বিদ্যুৎ, পানী, উত্তাপৰ ব্যৱস্থা, স্বাস্থ্য সেৱাকে ধৰি সকলো ব্যৱস্থাই আছে।সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা এটা ভিডিঅ’ত এনে স্মাৰ্ট কেম্পত দেখা গৈছে বিচনা, আলমিৰা আৰু হিটাৰৰ সুব্যৱস্থা। নৱেম্বৰ মাহৰ পিছত ৪০ ফুটপৰ্যন্ত তুষাৰপাত হোৱা এই অঞ্চলবিলাকত তাপমাত্ৰা শূন্য ডিগ্ৰীৰ ৩০ৰ পৰা ৪০ৰ তললৈ নামে। এনে পৰিস্থিতিত দেশৰ সুৰক্ষাত নিয়োজিত সেনা জোৱানসকলৰ বাবে স্মাৰ্ট কেম্পৰ ব্যৱস্থা নিশ্চিতভাৱে আদৰণীয়।

Leave A Reply

Your email address will not be published.