কৌন বনেগা কড়ৌৰপতিৰে নহয়, মহাকাশৰ পাথৰেৰে কোটিপতি হ’ল কফিন নিৰ্মাতা—-

0 188

কথাতে কয়‘দেনে ৱালে যব ভি দেতা, দেতা চপ্পড় ফাড় কে’- এই কথাষাৰেই যেন সঁচা প্ৰমাণিত হ’ল ইন্দোনেছীয়াৰ এজন যুৱকৰ লগত। ঘৰৰ ছাদত উল্কাপিণ্ড পৰি ৰাতিটোৰ ভিতৰতে কোটিপতি হ’ল জোসুৱা হুটা গালুংগ নামৰ ৩৩ বছৰীয়া যুৱকজন।জানিব পৰা মতে, উত্তৰ সুমাত্ৰাৰ কোলাংগৰ বাসিন্দা জোসুৱাই কফিন বনোৱাৰ কাম কৰে। ঘৰৰ কাষতে নিজৰ কামত ব্যস্ত হৈ আছিল যুৱকজন। সেই সময়তে আকাশৰ পৰা দ্ৰুতগতিত এটা উল্কা আহি যুৱকজনৰ ঘৰৰ টিন ভাঙি ভিতৰত পৰে। ঠাণ্ডা হোৱাৰ পিছত স্থানীয় প্ৰশাসনক খবৰ দিয়ে যুৱকজনে।পিছত পৰীক্ষা কৰি জনা যায় যে, সেইটো চাৰে চাৰি বিলিয়ন বছৰ পুৰণি উল্কাপিণ্ডৰ অংশ। যাৰ মূল্য প্ৰায় প্ৰতি গ্ৰামত ৮৫৭ ডলাৰ। অৰ্থাত্‍ উল্কাপিণ্ডটো বিক্ৰী কৰিলে ১০ কোটি টকা লাভ কৰিব জোসুৱাই। ইমান বৃহত্‍ পৰিমাণৰ ধন লাভ কৰাৰ কথা জানিব পাৰি এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে যুৱকজন।

media school
Leave A Reply

Your email address will not be published.