সন্ত্ৰাসবাদী হাফিজ ছঈদক ১০ বছৰৰ কাৰাদণ্ড–

0 236

মুম্বাইৰ ২৬/১১সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰধান পৰিকল্পনাকাৰী তথা কুখ্যাত জামাত উদ-দাৱাৰ মুৰব্বী হাফিজ ছয়ীদক পাকিস্তানৰ এখন আদালতে দুটাকৈ সন্ত্ৰাসবাদৰ গোচৰত ১০বছৰৰ কাৰাদণ্ড বিহে।অৱশ্যে লস্কৰ ই তৈবা আৰু জামাত উদ দাৱাৰ মুখ্য হাফিজ ছঈদৰ ক্ষেত্ৰত এই শাস্তি প্ৰথমবাৰৰ কাৰণে নহয় ৷ ইয়াৰ পূৰ্বে ফ্ৰেব্ৰুৱাৰীত হাফিজ ছঈদ আৰু তেওঁৰ একাংশ সহযোগীক সন্ত্ৰাসবাদ কাৰ্যকলাপৰ কাৰণে ১১ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।আনহাতে হাফিজ ছঈদক বিগত বছৰত জুলাইত আন্তৰাষ্ট্ৰীয় হেচাঁৰ লগতে সন্ত্ৰাসবাদ বিয়পোৱাৰ কাৰণে পাকিস্তানত গ্ৰেপ্তাৰ কৰা হয় ।ইয়াৰ বিপৰীতে
পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী সংগঠনে জামাত উদ দাৱা নেতাৰ বিৰুদ্ধে ৪১টা গোচৰ দাখিল কৰিছিল ৷বাকী গোচৰসমূহ এতিয়াও বিচাৰাধীন হৈ আছে৷

media school
Leave A Reply

Your email address will not be published.