“স্বতন্ত্ৰ আৰু স্পৰ্শকাতৰ সংবাদ ক্ষেত্ৰলৈ ভাবুকি আহিছে”-মুখ্যমন্ত্ৰীলৈ এডিটৰচ গীল্ড অৱ ইণ্ডিয়াৰ পত্ৰ—-

0 276

সাংবাদিকৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা হিংসাত্মক ঘটনাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি এডিটৰচ গীল্ড অৱ ইণ্ডিয়াই মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে।তেওঁলোকে পত্ৰখনৰ জৰিয়তে দুষ্কৃতিকাৰী মাফিয়া সকলে নিজকে আইনৰ উৰ্ধত বুলি গণ্য কৰে বুলিও উল্লেখ কৰি মিৰ্জাৰ সাংবাদিক মিলন মহন্ত আৰু কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ ন্যায়ৰ দাবী তোলে।সাংবাদিকৰ ওপৰত সামূহিক আক্ৰমণ, ভয়-ভাবুকি আদিৰে স্বতন্ত্ৰ আৰু স্পৰ্শকাতৰ সংবাদ ক্ষেত্ৰখনলৈ ভাবুকি অনা হৈছে বুলি তেওঁলোকে এই পত্ৰখনত উল্লেখ কৰে।পত্ৰখনৰ জৰিয়তে তেওঁলোকে সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে ১৯৮১ চনৰ পৰা অসমে হেৰুওৱা ৩২ জন সাংবাদিকৰ ন্যায়ৰো দাবী তোলে।

media school
Leave A Reply

Your email address will not be published.