ৰাহুল-মনমোহনক অপমান;মাৰ্কিন ৰাষ্ট্ৰপতি ওবামাৰ বিৰুদ্ধে গোচৰ—

0 209

সদ্য প্ৰকাশিত প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ শেহতীয়া গ্ৰন্থ ‘এ প্ৰ’মিজড লেণ্ডে’ বিশ্বৰ পঢ়ুৱৈসকলৰ মাজত বেছ সমাদৰ লাভ কৰিছে।ভাৰততো এই গ্ৰন্থখনে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে।কিন্তু তাৰ মাজতে ‘এ প্ৰ’মিজড লেণ্ডক’ কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশত ৰুজু হৈছে এক গোচৰ।উত্তৰ প্ৰদেশৰ প্ৰতাপগড় জিলাত এজন অধিবক্তাই প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ বিৰুদ্ধে এক দেৱানী গোচৰ ৰুজু কৰিছে।ওবামাৰ শেহতীয়া গ্ৰন্থ ‘এ প্ৰ’মিজড লেণ্ড’ত ওবামাই কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক অপমান কৰা বুলি অভিযোগ তুলি জ্ঞানপ্ৰকাশ শুক্লা নামৰ অধিবক্তাগৰাকীয়ে লালগঞ্জ দেৱানী আদালতত গোচৰ ৰুজু কৰে।

media school
Leave A Reply

Your email address will not be published.