গোচৰ ড্ৰাগছ সৰবৰাহ;এইবাৰ বিপদত হাইপ্ৰ’ফাইল কমেডিয়ান তাৰকা ভাৰতী সিঙ—–

0 480

জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতেই বলীউডৰ ড্ৰাগছ নামৰ ক’লা অধ্যায়টোৰ কথা পোহৰলৈ আহিছিল।তৰ পাছতেই NCB ৰ ধাৰাবাহিক জেৰাই দিনৰ শান্তি ৰাতিৰ টোপনি হৰিছিল বলীউডৰ বহু নামী-দামী তাৰকাৰ।তাৰ মাজতেই এইবাৰ নিষিদ্ধ ড্ৰাগছ কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে বলীউডৰ অন্যতম ‘লাইমলাইট কপ’ল ভাৰতী সিঙ আৰু হৰ্ষ লিম্বাচিয়াৰ।ৰিপোৰ্ট অনুসৰি, NCB ৰ শেহতীয়া তদন্তত কমেডিয়ান ভাৰতী আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াৰে দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ক্ৰয় কৰি আহিছে।আনহাতে এই তথ্য লাভ কৰাৰ পাছতেই NCBৰ এটা দলে শনিবাৰৰ দিনটোত ভাৰতী-হৰ্ষক জেৰা চলাই।আনকি NCBৰ দলটোৱে অন্ধেৰী,লোখণ্ডৱালা, আৰু বাৰ্সোৱাৰ ঘৰটো অভিযান চলায়।এই অভিযানত অভিযানকাৰী দলটোৱে কিছুপৰিমাণে নিছাজাতীয় দ্ৰব্য উদ্ধাৰ কৰে।আনহাতে, ভাৰতী সিঙৰ উপৰিও NCBয়ে ইয়াৰ পূৰ্বে অৰ্জুন ৰামপালকে ধৰি বহুকেইগৰাকী বলীউডৰ অভিনেতা- অভিনেত্ৰীক জেৰা চলায়।

media school
Leave A Reply

Your email address will not be published.