২৬/১১ৰ বৰ্ষপূৰ্তিত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা;নিৰাপত্তাবাহিনীৰ বৃহৎ সফলতা—–

0 341

বৰ্তমান সময়ত জম্মুত অধিক কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। শেহতীয়াকৈ নাগৰোটাৰ এনকাউণ্টাৰৰ পিছতে এতিয়া হাইৱে’ টোল প্লাজাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।তাৰ মাজতে শুকুৰবাৰে এখন বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খবৰ অনুসৰি, ২৬/১১ ঘটনাৰ ১২তম বৰ্ষপূৰ্তিত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদীয়ে। বৃহস্পতিবাৰে নিশা সন্ত্ৰাসবাদীয়ে আত্মগোপণ কৰি থকাৰ খবৰ লাভ কৰি অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে। আনকি ঠায়ে ঠায়ে তালাচী চলোৱা হৈছিল। সেই সময়তে নিৰাপত্তা বাহিনীৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰে লুকাই থকা সন্ত্ৰাসবাদীৰ দলে। ইয়াৰ পিছতে আৰম্ভ হয় সংঘৰ্ষ।অৱশেষত চাৰিওগৰাকী জইছ-ই মহম্মদৰ সদস্যক গুলীয়াই হত্যা কৰে নিৰাপত্তা বাহিনীয়ে। জানিব পৰা মতে, সন্ত্ৰাসবাদীৰ দলটোৱে জম্মুৰ পৰা কাশ্মীৰলৈ যোৱাৰ যো-জা চলাইছিল। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ সাময়িক ভাবে বন্ধ কৰি দিয়া হৈছে। সন্ত্ৰাসবাদীৰ দলটোতৰ পৰা বিস্ফোৰক আৰু মাৰাণস্ত্ৰ জব্দ কৰা হৈছে।ফলস্বৰূপে এতিয়া অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

media school
Leave A Reply

Your email address will not be published.