কাশ্মীৰী বোৰাৰীয়ে বিচাৰে বিবাহ বিচ্ছেদ;দেশজুৰি চৰ্চা—–

0 296

২০১৮চনৰ কথা।সেই বৰ্ষত হোৱা এখন বিবাহে দেশজুৰি বেছ চৰ্চা লাভ কৰিছিল।কিয়নো পাত্ৰী আছিল ২০১৫চনৰ আই এ এছ বেটছৰ শীৰ্ষস্থান লাভ কৰা দলিত কন্যা টিনা ডাবি আৰু পাত্ৰ আছিল একেই বেটছৰ দ্বিতীয় স্থানপ্ৰাপ্ত জম্মু-কাশ্মীৰৰ মুছলিম ল’ৰা আতহাৰ খান। ২০১৮চনত হোৱা এই বিবাহখনক হিন্দু মহাসভাকে ধৰি কেইবাটাও হিন্দুত্ববাদী সংগঠনে লাভ জেহাদ বুলি মন্তব্য কৰি উক্ত বিবাহখনৰ তীব্ৰ বিৰোধিতা কৰিছিল। অৱশ্যে তীব্ৰ বিৰোধিতাক নেওচি কেন্দ্ৰীয় মন্ত্ৰী ভেংকায়া নাইডু , ৰবিশংকৰ প্ৰসাদকে আদি কৰি বহুকেইগৰাকী শীৰ্ষ বিজেপি নেতাৰ উপস্থিতিত নতুন দিল্লীত সম্পন্ন হৈছিল এইখন বহুচৰ্চিত বিবাহ।

কিন্তু ২০২০বৰ্ষত পুনৰ চৰ্চিত হৈছে আতহাৰ দম্পত্তি।পিছে এইবাৰ তেওঁলোক চৰ্চালৈ আহিছে বিবাহ বিচ্ছেদৰ আবেদনৰ বাবেহে।আচৰিত যেন লাগিলেও এয়াই সঁচা।তীব্ৰ বিৰোধীতাক নেওচিও বিয়াত বহা টিনা আৰু আতহাৰে যুটিয়ে সম্প্ৰতি ৰাজস্থানৰ পাৰিবাৰিক আদালতত এতিয়া বিবাহ বিচ্ছেদৰ বাবে মোকৰ্দমা ৰুজু কৰিছে।আনহাতে কি কাৰণে দুয়ো পৃথক হ’ব বিচাৰে এই ক্ষেত্ৰত দুয়ো নিমাত।অৱশ্যে একাংশ সুত্ৰই প্ৰকাশ কৰা অনুসৰি স্বামী আতহাৰৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ এই বিবাহ বিচ্ছেদৰ সুত্ৰপাত ঘটে।

Leave A Reply

Your email address will not be published.