অবিশ্বাস্য,কবৰৰ পৰা উঠি আহিছে হাজাৰ হাজাৰ মৃতদেহ।কিন্তু কিয়????
ক’ৰনাৰ মাজতেই অন্য এক আতংকই এতিয়া শংকিত কৰি তুলিছে ডেনমাৰ্কবাসীক।কিয়নো ডেনমাৰ্কত কবৰ ফাটি উলাইছে হাজাৰ হাজাৰ কবৰস্থ মৃতদেহ।দৰাচলতে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰণাতংকৰ সময়ত ডেনমাৰ্কত ক’ৰণাৰ বাহক বুলি সন্দেহ কৰি হত্যা কৰা হৈছিল হেজাৰ হেজাৰ ‘মিংক্স’।কিছুদিন পূৰ্বে ডেনমাৰ্কৰ চৰকাৰৰ নিৰ্দেশত দেশ খনৰ বিভিন্ন প্ৰান্তত জীয়াই জীয়াই পুতি থোৱা হৈছিল হাজাৰ হাজাৰ মিংক্স।
এই প্ৰাণী বিধৰ পৰা ডেনমাৰ্কৰ বহু লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰিয়েই এনেদৰে হাজাৰ হাজাৰ মিংক্স হত্যা কৰা হৈছিল।
শেহতীয়াকৈ ডেনমাৰ্কৰ Holstebro নামৰ চহৰ খনত মাটিৰ তলত পুতি থোৱা হাজাৰ হাজাৰ মিংক্স মাটিৰ ওপৰলৈ উঠি আহিছে।
কবৰৰ পৰা নিজে নিজে ওপৰলৈ উঠি অহা হাজাৰ হাজাৰ মিংক্স গেলিবলৈ লোৱা মৃতদেহ দেখি কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে স্থানীয় প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল।
কাৰণ কবৰৰ পৰা এনেদৰে কোনো প্ৰাণীৰ মৃতদেহ ওপৰলৈ উঠি অহাৰ ঘটনা অঞ্চলটোত এয়াই প্ৰথম।
ডেনমাৰ্কৰ একাংশ বিজ্ঞানীয়ে প্ৰকাশ কৰা মতে একেটা কবৰতে বহু মিংক্স পোতাৰ ফলত কবৰৰ ভিতৰত বিশেষ গেছৰ সৃষ্টি হৈছে আৰু সেই গেছেই মিংক্সৰ মৃতদেহবোৰ মাটিৰ ওপৰলৈ ঠেলি দিছে।
চহৰ খনৰ প্ৰশাসনৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে মিংক্সৰ মৃতদেহ বোৰ মাটিৰ কমেও ১৫০ চেণ্টিমিটাৰ তলত পুতিব লাগিছিল যদিও তাত প্ৰায় ১০০ চেণ্টিমিটাৰ তলতহে মৃতদেহ পোতা হৈছে।
সেয়ে মৃতদেহবোৰ সহজে মাটিৰ ওপৰলৈ উঠি আহিছে।এই ঘটনাৰ ফলত সমগ্ৰ চহৰ খনতে ব্যাপক প্ৰদূষণৰ আশংকাই গা কৰি উঠিছে।