এছিয়াৰ ভিতৰতে শীৰ্ষস্থানত উজ্বলিছে ভাৰত।কিন্তু কিহত??শুনিলে আপুনিও আচৰিত হ’ব!!!!!

0 192

ভ্ৰষ্টাচাৰৰ ওপৰত নজৰ ৰখা এটা সংস্থা ট্ৰেন্সপাৰেঞ্চি ইন্‌টাৰ্নেচনেলে অলপতে প্ৰকাশ কৰা এটা সমীক্ষা অনুসৰি এছিয়া মহাদেশৰ সমগ্ৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতবৰ্ষতেই লোৱা হয় সকলোতকৈ বেছি উৎকোচ ৷ বিভিন্ন ৰাজহুৱা সেৱাসমূহ সহজে উপলব্ধ হ’বলৈ ভাৰতবৰ্ষত বহুসংখ্যক লোকে ব্যক্তিগত চিনাকী বা উৎকোচৰ ব্যৱহাৰ কৰে ৷

গ্ল’বেল কৰাপচন বেৰ’মিটাৰ (GCB) ই দিয়া তথ্য অনুসৰি ৫০% লোকৰ ওপৰত চলোৱা এক জৰীপত ৩২ শতাংশ ব্যক্তিগত চিনাকীৰ ব্যৱহাৰ কৰা লোকে উত্তৰ দিয়ে যে তেনে নকৰিলে সেই সেৱাৰ পৰা বঞ্চিত হ’ব তেওঁলোক ৷

উল্লেখযোগ্য যে উক্ত তথ্য চলিত বৰ্ষৰ ১৭ জুনৰপৰা ১৭ জুলাইলৈকে ২০০০ ভাৰতীয় লোকৰ ওপৰত কৰা এক জৰীপৰ ভিত্তিত দিয়া হৈছে ৷ এই জৰীপ চলোৱা হৈছিল মুঠ ১৭ খন দেশৰ প্ৰায় ২০,০০০ লোকৰ ওপৰত ৷এই উৎকোচ ৰাজনৈতিক নিৰ্বাচনৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰাৰ তথ্য প্ৰকাশ কৰে সংস্থাটোৱে ৷

Leave A Reply

Your email address will not be published.