ভাইৰাছৰ ভৰাঁল চীন: ক’ৰণাৰ পিছত এইবাৰ নতুন ভাইৰাছৰ সংক্ৰমণ, পিছে কি এই ভাইৰাছ???

0 212

ভাইৰাছৰ অভিকেন্দ্ৰেত পৰিণত হৈছে চীন। সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰা মহামাৰী ক’ৰোনাৰ প্ৰথম সংক্ৰমণ ঘটা চীনত পুনৰ এবিধ নতুন ভাইৰাছ সৃষ্টি হৈছে।যাৰ নাম হৈছে ‘নোৰো’।

চীনৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত ছিচুৱান প্ৰদেশৰ জিগং নামৰ চহৰ খনৰ কেইহবাখনো বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰী এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।এই ভাইৰাছত আক্ৰান্ত হ’লে লোক এজনে বমি কৰিবলৈ ধৰে আৰু এটা সময়ত লোকজন লেবেজান হৈ পৰে।সঠিক সময়ত চিকিৎসা সেৱা লাভ নকৰিলে এই ভাইৰাছত আক্ৰান্ত লোক এজনৰ মৃত্যু ঘটাটো নিশ্চিত।

দেশখনৰ স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে ক’ৰ’ণাতকৈয়ো নোৰো ভাইৰাছ অধিক সংক্ৰমণশীল আৰু ভয়াৱহ।কাৰণ ৰোগীয়ে বমি কৰাৰ পিছত সেই বমিৰ পৰাই বহুতৰে শৰীৰলৈ এই ভাইৰাছ বিয়পি পৰিব পাৰে।
লক্ষণীয় বিষয় যে-২০১৯ চনতে চীনে নোৰো ভাইৰাছৰ ভেকচিনৰ পৰীক্ষণৰ অনুমতি দিছিল যদিও এতিয়ালৈকে বজাৰলৈ অহা নাই নোৰো ভেকচিনৰ কোনো প্ৰতিষেধক।

media school
Leave A Reply

Your email address will not be published.