এফালে দ্বায়িত্ব আৰু আনফালে পেটৰ তাড়না;ধূলিস্যাৎ ‘জয় জোৱান,জয় কিষান’ শ্লোগান–

0 230

কেন্দ্ৰৰ তিনি কৃষি আইনৰ বিৰুদ্ধে জাগিছে দেশৰ কৃষক সমাজ ।
কৃষি আইনৰ বিৰোধিতাৰ বাবে কৃষকসকলে পঞ্জাৱৰ পৰা দিল্লীলৈ কৰা প্ৰতিবাদী যাত্ৰাৰ লগে লগে দিল্লী আৰক্ষীয়ে ৰাষ্ট্রীয় ৰাজধানীৰ সকলো সীমাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে।

কৃষকসকলৰ ‘দিল্লী চালো’ প্ৰতিবাদৰ বাবে দিল্লী পুলিচে সিংঘু সীমাত যান বাহনৰ চলাচল বন্ধ কৰি দিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ বহু সংখ্যক কৃষকে ৰাজধানী দিল্লীৰ সীমাত সমবেত হৈছে।


আনহাতে এই প্ৰতিবাদৰ সময়ৰ কেইখন মান আলোকচিত্ৰই সমাজিক মাধ্যমত চৰ্চা লাভ কৰিছে।

আনকি এই ঘটনাক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও টুইট যোগে মোদী চৰকাৰক কঠোৰ সমালোচনা কৰিছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এখন ফটোৰ সৈতে টুইট যোগে কয় যে – এইখন অতি দুখৰ ফটো। আমাৰ শ্লোগান আছিল ‘জয় জোৱান জয় কিষান’, কিন্তু আজি প্ৰধান মন্ত্ৰী মোদীৰ অহংকাৰে জোৱানক কৃষকৰ বিৰুদ্ধে এনে ধৰনৰ কাৰ্য কৰিবলৈ বাধ্য কৰিছে। ই অতি বিপদজনক।

media school
Leave A Reply

Your email address will not be published.