“মই মৃত্যুৰ নিচেই ওচৰত”-কিয় অন স্ক্ৰীণতে এইদৰে কৈ উচুপি উঠিল বাহুবলীৰ ভল্লালদেৱ——

0 239

‘‘জীৱনে যেতিয়া আগুৱাই যাব বিচাৰে তেতিয়াই হঠাৎ থমকি ৰোৱাৰ বুটাম যেন আহি পৰে।”
‘বাহুবলী’ৰ ভল্লালদেৱ সকলোৰে পৰিচিত।কঠিন মুখাবয়ৱ,পেশীবহুল শৰীৰেৰে দক্ষিণ ভাৰতীয় অভিনেতাগৰাকীয়ে লাখ লাখ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

কিন্তু শেহতীয়াকৈ অভিনেতাগৰাকীৰ বিয়াৰ মাত্ৰ ৩ মাহ পাছতেই আহিছে এক দু:খবৰ। এক অত্যন্ত জটিল ৰোগত আক্ৰান্ত হৈছে বাহুবলীৰ ভল্লালদেৱ ওৰফে ৰাণা দাগুবাট্টি।

পূৰ্বতে এবাৰ তেওঁৰ অসুস্থতাৰ খবৰ ওলাইছিল। সেই সময়ত কোৱা হৈছিল অভিনেতাজনৰ কিডনী বিকল হৈ গৈছে। সেয়ে কিডনী সংৰোপন কৰিবলগীয়া হ’ব। ইয়াৰ কাৰণে দেশৰ বাহিৰলৈ তেওঁক নিয়া হ’ব সেয়াও চৰ্চিত হৈছিল। কিন্তু সেই সময়ত এই সকলোবোৰ গুজৱ আখ্যা দি উৰাই দিছিল ৰাণাই। ইয়াৰ পৰাই ৰাণা দাগুবাট্টিৰ শৰীৰ ক্ৰমশ ভাঙি পৰা দেখা গৈছিল। এই বছৰৰ আগষ্ট মাহত মিহিকা বাজাজৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰাণা। বিয়াৰ ছবিতো তেওঁৰ পেশীবহুল চেহেৰা দেখা পোৱা নাছিল


ৰাণাই জনায়, ব্লাড প্ৰেচৰ, হাৰ্টৰ ওচৰত কেলফিকেশ্যন, কিডনী ফেইলাৰ…এতিয়া সম্ভাৱনা আছে ৭০শতাংশ ষ্ট্ৰক বা হেমৰেজ হোৱাৰ।যাৰ বাবে ৩০%মৃত্যুৰ সম্ভাৱনা আছে।ৰাণাৰ এই কথা শুনি চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলে সামান্থাইও।আনহাতে প্ৰিয় অভিনেতাগৰাকীৰ এনে অৱস্থাই তেওঁৰ গুণমুগ্ধসকলকো চিন্তিত কৰি তুলিছে।

media school
Leave A Reply

Your email address will not be published.