কেৱল চাৰিশটা কিয়,দেশৰ প্ৰতিটো ৰে’ল ষ্টেচনতে মাটিৰ পাত্ৰত বিক্ৰী হ’ব চাহ’-কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীযুষ গোৱেলৰ গুৰুত্বপূৰ্ণ ঘোষণা —-
দেশৰ সকলো ৰে’ল ষ্টেশ্যনতে প্লাষ্টিকৰ সলনি মাটিৰ কাপত বিক্ৰী হ’ব চাহ। দেওবাৰে ৰে’ল মন্ত্ৰী পীযুষ গোৱেলে ৰাজস্থানৰ আলৱাৰ জিলাৰ ধীগাৱায়াৰ-বান্দিকুই ছেকশ্যনৰ ইলেকট্ৰিক লাইনত ৰে’ল পৰিসেৱা উদ্বোধন কৰি ৰে’ল মন্ত্ৰী গৰাকীয়ে কয় যে ৰে’ল ষ্টেশ্যনসমূহত ইমানদিনে প্লাষ্টিকৰ কাপত চাহ বিক্ৰী হৈছিল।কিন্তু এইবাৰৰ পৰা দেশৰ প্ৰতিটো ষ্টেচনতে কেৱল মাটিৰ পাত্ৰতহে চাহ বিক্ৰী কৰিব পাৰিব।দেশক প্লাষ্টিকমুক্ত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় ৰে’ল বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে।ৰে’লমন্ত্ৰী গৰাকীয়ে প্ৰথম অৱস্থাত কেন্দ্ৰৰ ফালৰ পৰাই প্ৰতিটো ষ্টেশ্যনলৈ এই মাটিৰ পাত্ৰসমূহ যোগান ধৰা হ’ব বুলি জানিবলৈ দিয়ে।য’তে ত’তে প্লাষ্টিক পেলোৱাৰ ফলত যিদৰে ষ্টেশ্যনসমূহ লেতেৰা হৈ পৰে, সেইদৰে পৰিৱেশৰো ক্ষতি ।অৱশ্যে, কেতিয়াৰ পৰা দেশৰ সকলো ষ্টেশ্যনতে মাটিৰ কাপত চাহ বিক্ৰী আৰম্ভ হ’ব সেই বিষয়ে চৰকাৰীভাৱে এতিয়াও ঘোষণা কৰা হোৱা নাই।