পাকিস্তানত তুমুল চৰ্চাত নিশা ৰাও;কিন্তু কোন এইগৰাকী চৰ্চিত নিশা??

0 150

এগৰাকী অধিবক্তাক কেন্দ্ৰ কৰি এতিয়া পাকিস্তানত চলিছে তুমুল চৰ্চা। নাম নিশা ৰাও।কিন্তু অধিবক্তা নিশা ৰাওক কেন্দ্ৰ কৰি এতিয়া ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে। কিয়নো নিশা হৈছে পাকিস্তানৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ অধিবক্তা।যথেষ্ট কষ্টৰ মাজেৰে নিজৰ প্ৰচেষ্টাৰে নিশাই নিজকে এগৰাকী অধিবক্তা হিচাপে গঢ় দিবলৈ সক্ষম হৈছে। অধিবক্তা হোৱাৰ ওপৰিও নিশা এটা বেচৰকাৰী সংগঠনৰ সৈতে জড়িত যিটো সংগঠনে তৃতীয় লিংগৰ লোকসকলৰ বাবে কাম কৰে।

নিশা ৰাও কৰাচী বাৰ এছ’চিয়েচনৰ পৰা লাইচেন্সপ্ৰাপ্ত প্ৰথম গৰাকী তৃতীয় লিংগৰ ব্যক্তি । উল্লেখযোগ্য যে লাহোৰত জন্মগ্রহণ কৰা নিশা ৰাও যেতিয়া ১৮ বছৰীয়া আছিল তেতিয়াই তেওঁ লাহোৰৰ ঘৰ এৰি কৰাচীলৈ গুছি গৈছিল। কৰাচীত এক দীঘলীয়া সময় অন্য তৃতীয় লিংগৰ লোকসকলৰ দৰে ৰাস্তাৰ কাষত ভিক্ষা মাগি জীৱন অতিবাহিত কৰিছিল ।

জীৱনত কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ আছিল নিশাৰ। সেয়ে আইন মহাবিদ্যালয়ত নামভর্তি কৰে আৰু সময় উলিয়াই পঢ়াত গুৰুত্ব দিয়ে। কৰাচী বাৰ এছ’চিয়েচনে নিশাক ওকালতি কৰিবলৈ লাইচেন্স দিছে আৰু নিশাই এতিয়ালৈকে ৫০ টাকৈ গোচৰত অধিবক্তা হিচাপে কাম কৰিছে । নিশাই তৃতীয় লিংগৰ লোকসকলক অন্য লোকসকলৰ লগত একেশাৰীতে থিয় হোৱাটো বিচাৰে বুলি কোৱাৰ লগতে তেওঁ পাকিস্তানৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ দণ্ডাধীশ হ’ব বিচাৰে বুলিও মত প্ৰকাশ কৰে।

media school
Leave A Reply

Your email address will not be published.