সৌভাগ্যক্ৰমে সংঘৰ্ষৰ পৰা ৰক্ষা পৰিল ৰাছিয়া- ভাৰত!!!

0 135

এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ভাৰত।কিন্তু দুৰ্ঘটনাটো আকৌ পৃথিৱীত নহয়, সংঘটিত হৈছে মহাকাশত।

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ বহু উন্নত দেশক প্ৰত্যাহ্বান জনাই আগবাঢ়িছে ভাৰত।ইতিমধ্যে ভাৰতে নিজে সাজি উলিওৱা কেইবাটাও কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ সফলভাৱে প্ৰেৰণ কৰিছে ভাৰতীয় মহাকাশ গৱেষনা কেন্দ্ৰই।

শেহতীয়াকৈ ভাৰত আৰু ৰাছিয়াৰ দুটা কৃত্ৰিম উপগ্ৰহ ইটোৱে-সিটোৰ নিচেই কাষ চাপি আহিছিল।দুয়োটা উপগ্ৰহৰ মাজত দূৰত্ব কমি অহাৰ ফলত উপগ্ৰহ দুটা সংঘৰ্ষত লিপ্ত হোৱাৰ উপক্ৰম ঘটিছিল যদিও সৌভাগ্যক্ৰমে এনে দুৰ্ঘটনা সংঘটিত নোহোৱাকৈ ৰৈ যায়।এই কথা প্ৰকাশ কৰিছে ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা Roscosmos-এ।

সংস্থাটোৰ মতে দুয়োটা উপগ্ৰহৰ মাজত দূৰত্ব হৈছিল মাত্ৰ ২২০ মিটাৰ। উপগ্ৰহ দুটাই খুন্দা খালে মহাকাশত বিষম পৰিস্থিতিৰ সৃষ্টি হ’লহেঁতেন বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে।মহাকাশত বিভিন্ন দেশৰ কৃত্ৰিম উপগ্ৰহৰ সংখ্যা লক্ষ্যণীয় ভাবে বৃদ্ধি পোৱাৰ ফলতে এনে দুৰ্ঘটনাৰ আশংকা বাঢ়ি গৈছে।মাটিৰ পৰা প্ৰায় ৫০০-২০০০ কিলোমিটাৰ ওপৰত হাজাৰৰো অধিক কৃত্ৰিম উপগ্ৰহই পৃথিৱীৰ কক্ষপথৰ চাৰিওফালে ঘূৰি আছে।উল্লেখ্য যে,২০১৯ চনত ৰাছিয়া আৰু আমেৰিকাৰ দুটা কৃত্ৰিম উপগ্ৰহৰ মাজত হোৱা সংগৰ্ষৰ ফলত আন ভালেকেইটা উপগ্ৰহ ক্ষতিগ্ৰস্ত হৈছিল।

Leave A Reply

Your email address will not be published.