বিয়া পাতিবলৈ মন মেলিছে নেকি? কিন্তু অসমত এতিয়া মন গ’লেই পাতিব নোৱাৰিব বিয়া!কিয়নো—–

0 251

চলিত সময়ত ‘লাভ জেহাদ’ক কেন্দ্ৰ দেশজুৰি বৃদ্ধি পোৱা অপৰাধ ৰোধ কৰাৰ লক্ষ্যৰে দেশৰ বিভিন্ন ৰাজ্যত ‘লাভ জেহাদ’ৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰাৰ সময়তে অসমত আকৌ এখন নতুন আইন প্ৰণয়ন কৰাৰ বাবে চিন্তা-চৰ্চা আগবঢ়াইছে ৰাজ্য চৰকাৰে।উত্তৰ প্ৰদেশ অথবা মধ্যপ্ৰদেশৰ দৰে নহয়,এই আইন পৃথক হ’ব বুলি সদৰি অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কন্যাসকলৰ সুৰক্ষাৰ বাবেই এই আইনৰ পোষকতা কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে।

মন্ত্ৰী শৰ্মাৰ মতে, ”অসমৰ আইনখন ‘লাভ জেহাদৰ’ দৰে নহয়। ইয়াৰ দ্বাৰা সকলো ধৰ্মকে সামৰি লোৱা হ’ব।অসমত বিয়া হ’লে দৰা-কইনাই নিজৰ বিয়াৰ এমাহ পূৰ্বে নথি পত্ৰৰ সৈতে জমা কৰিব লাগিব ধৰ্ম আৰু উপাৰ্জনৰ বিষয়ে। আৰু যুৱতীসকলক স্বাৱলম্বী কৰাৰ লগতে স্বচ্চতা অনাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।… কেৱল ধৰ্মকে নহয়, উপাৰ্জনকো সাঙুৰি লোৱা হ’ব। সম্পূৰ্ণ পৰিয়াৰ ঠিকনা আৰু শিক্ষা ইত্যাদি।”

উল্লেখ্য যে, এই আইনখনৰ ক্ষেত্ৰত কেৱল কন্যাই বা দৰাই নহয়, উভয়ে নিজৰ উপাৰ্জন তথা ঠিকনাৰ সৱিশেষ জমা দিব লাগিব। যদি কোনো ক্ষেত্ৰত মিথ্যাছাৰৰ আশ্ৰয় লোৱা হয় তেতিয়া আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে

Leave A Reply

Your email address will not be published.