UNESCOই বিচাৰিলে সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ সম্পৰ্কত স্পষ্টীকৰণ

0 191

ৰাজ্যত অব্যাহত আছে সাংবাদিক নিগ্ৰহৰ দৰে লজ্জাজনক ঘটনা।তাৰ মাজতে যোৱা নৱেম্বৰ মাহত অসমৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুকেন্দ্ৰিক পৰিস্থিতি সন্দৰ্ভত ভাৰতীয় কৰ্তৃপক্ষৰ পৰা স্পষ্টীকৰণ বিচাৰিছেয়ুনেস্কো (UNESCO)ৰ সঞ্চালক প্ৰধান আড্ৰে এজাউলে ।

যোৱা ১১নৱেম্বৰত তিনিচুকীয়া জিলাৰ কাকপথাৰত এখন বাহনেৰে দূৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল প্ৰতিদিন টাইম গোষ্ঠীৰ সাংবাদিক হিচাপে কৰ্মৰত পৰাগ ভূঞা আৰু ইয়াৰ পাছতেই ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত মৃত্যু ঘটিছিল জেষ্ঠ সাংবাদিকগৰাকীৰ।

আনহাতে,সাংবাদিক গৰাকীৰ মৃত্যুৰ স্পষ্টীকৰণ বিচাৰি UNESCOৰ সঞ্চালক প্ৰধান আড্ৰে এজাউলে কয় যে-‘’পৰাগ ভূঞাৰ মৃত্যুত মই গভীৰভাৱে শোক প্ৰকাশ কৰিছো। মই বিশ্বাস কৰো যে ভাৰতীয় কৰ্তৃপক্ষই পৰাগ ভূঞাৰ মৃত্যুৰ বিষয়টোত গুৰুত্ব দি সঠিক তদন্ত নিশ্চিত কৰিব। সাংবাদিকসকলক তেওঁলোকৰ কামকাজত বৃত্তিগত সুৰক্ষা প্ৰদানৰ প্ৰচেষ্টাত লুকঢাক নকৰাকৈ কোনো সুৰুঙা ৰখা উচিত নহয়”।উল্লেখ্য যে-য়ুনেস্ক’ই ৰাষ্ট্ৰসংঘৰ সাংবাদিকৰ সুৰক্ষা তথা সুবিচাৰ সম্পৰ্কীয় আঁচনিৰ আধাৰত আন্তৰ্জাতিক সজাগতা বৃদ্ধি, দক্ষতা বৃদ্ধি তথা উপযুক্ত ব্যৱস্থা গ্ৰহণৰ জৰিয়তে সাংবাদিকৰ সুৰক্ষাৰ দিশত কাম কৰি আহিছে।

Leave A Reply

Your email address will not be published.