বিদায় সোৱাদৰ বাদশ্বাহ—
কথাতে কয় লাগি থাকিলে মাগি নাখায়।জেপত মাত্ৰ ১৫০০টকা লৈয়ে তেওঁ আৰম্ভ কৰিছিল ব্যৱসায়। কিন্তু উদ্যমী মন আৰু কৰ্মস্পৃহাৰে বাধাৰ প্ৰাচীৰ ভাঙি তেওঁ আজুৰি আনিছিল সফলতা।এসময়ত জেপত মাত্ৰ ১৫০০ টকা লৈ ব্যৱসায় আৰম্ভ কৰি তেখেতে মৃত্যৰ সময়ত বাৰ্ষিক দৰমহা পাইছিল ২১ কোটি টকা।ক’ব বিছাৰিছো বিশ্বৰ মচলা সম্ৰাজ্যৰ একছত্ৰী বাদশ্বাহ হৈছে মহাশয় ধৰ্মপাল গুলাটীৰ কথা।দেশ বিভাজনৰ সময়ত ১৯৪৭ চনৰ ২৭ চেপ্তেম্বৰত গুলাটী আহিল ভাৰতলৈ।পাকিস্তানৰ পৰা অহাৰ সময়ত গুলাটীৰ হাতত আছিল ১৫০০ টকা।
১৯৪৮ চনৰ ১০ অক্টোবৰত গুলাটীয়ে ঘোৰাৰ সৈতে গাড়ী বিক্ৰী কৰি খুলিলে এখন সৰু মচলাৰ দোকান।সেয়াই আছিল এম ডি এইচ মচলাৰ আৰম্ভণি। তাৰ পিছৰ পৰা পিচলৈ উভতি চাব লগা হোৱা নাই মহাশয় ধৰ্মপাল গুলাটীয়ে। বৰ্তমান ডুবাইত আছে গুলাটীৰ এম ডি এইচ মচলাৰ ফেক্টৰী। লণ্ডন, আমেৰিকাত আছে এম ডি এইচৰ কাৰ্যালয়।ইয়াৰোপৰি সমগ্ৰ বিশ্বৰ অধিকাংশ দেশত উপলদ্ধ এম ডি এইচ মচলা। অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা,নিউজিলেণ্ড, হংকঙ্গ, চিংগাপুৰ, জাপান আৰু চীন আদি দেশতো আছে এম ডি এইচ মচলাৰ বিপনী। ভাৰতবৰ্ষত আছে এম ডি এইচ মচলাৰ ৪ লাখ খন বিতৰণ বিপনী।শিক্ষাৰ ক্ষেত্ৰত অতি কমসময়তে হাৰ মনা গুলাটীয়ে কিন্তু অন্য সকলো দিশতে নিজৰ একাগ্ৰতাৰ ফলত লাভ কৰিলে সফলতা।
তেওঁ লাভ কৰা বটাঁসমূহ হৈছেঃ
Padma Bhushan (2019)
Arch of Europe Award
Dadabhai Naoroji Award
ITID Quality Excellence Award
Excellence Award for Lifetime Achievement (2017)
Indian of the Year (2016)
কিন্তু নিয়তিৰ ওচৰত কোনো সাৰি নাযায়।
মচলাৰ ৰজা হিচাপে পৰিচিত মহাশয় ধৰমপাল গুলাটী আৰু নাই
মচলাৰ ৰজা হিচাপে পৰিচিত মহাশয় ধৰমপাল গুলাটী আৰু নাই। MDH মচলা কোম্পানীৰ স্বত্বাধিকাৰ আছিল মহাশয় ধৰমপাল গুলাটী। হৃদৰোগত আক্ৰন্ত হৈ ৯৮ বছৰ বয়সত দেহাৱসান ঘটে ধৰমপাল গুলাটীৰ। উল্লেখ্য যে কৰোনাত আক্ৰান্ত হৈছিল গুলাটী। বৃহস্পতিবাৰে পুৱা ৫ বাজি ৩৮ মিনিটত মৃত্যু হয় গুলাটীৰ।