শীৰ্ষত সুশান্ত সিং ৰাজপুত,য়াহুৰ ২০২০বৰ্ষৰ ম’ষ্ট ছাৰ্চড পাৰ্ছনেলিটি——

0 102

চলিত বৰ্ষত দেশত সৰ্বাধিক চৰ্চা লাভ কৰিছিল বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আকস্মিক মৃত্যুৰ খবৰে।মুম্বাইৰ বান্দ্ৰাৰ ঘৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছৰে পৰা তেওঁৰ আকস্মিক মৃত্যুক লৈ ছোচিয়েল মিডিয়াত বিভিন্ন বিতৰ্কৰ আৰম্ভ হৈছিল।শেহতীয়াকৈ য়াহুৰ এক সমীক্ষা অনুসৰি ২০২০বৰ্ষত গুগ’ল, ইউটিউৱকে ধৰি অন্যান্য ক্ষেত্ৰসমূহত সবাতোকৈ অধিক ছাৰ্চ কৰা ব্যক্তি হৈছে সুশান্ত সিং ৰাজপুত।মংগলবাৰে য়াহুৰ ইণ্ডিয়াৰ ‘২০২০ইয়েৰ ইন ৰিভিউ’ত এই কথা প্ৰকাশ পায়।আনহাতে,সুশান্ত সিং ৰাজপুতৰ পাছতে য়াহুত সৰ্বাধিক ছাৰ্চ কৰা ব্যক্তি হৈছে নৰেন্দ্ৰ মোডী আৰু ৰিয়া চক্ৰৱৰ্তী।

media school
Leave A Reply

Your email address will not be published.