কপটীয়া চীন;পূৰ্বপৰিকল্পিত আছিল গলৱান সংঘৰ্ষ

0 181

১৫-১৬ জুনত ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষ আকস্মিকভাৱে সংঘটিত হোৱা নাছিল। পূৰ্বপৰিকল্পিতভাৱে চীনে আক্ৰমণ কৰিছিল আমেৰিকাৰ এক সমীক্ষাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। লাডাখৰ গালৱান উপত্যকাত সংঘটিত হিংসাত্মক ঘটনাৰ যড়যন্ত্ৰৰ আঁৰত আছিল ৰঙাচীন। গালৱান উপত্যকাত ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষ আকস্মিকভাৱে সংঘটিত হোৱা ঘটনা নাছিল।

পূৰ্বপৰিকল্পিতভাৱে চীনে আক্ৰমণ কৰিছিল ভাৰতীয় সেনাক। ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত হোৱা এই সংঘৰ্ষত ভাৰতৰ ২০ জনকৈ বীৰ জোৱান শ্বহীদ হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল বহু কেইজন। 

আমেৰিকাৰ এক শীৰ্ষ সমিতিৰ তথ্য অনুসৰি, পূব লাডাখৰ গালৱান উপত্যকাত এই বছৰৰ ১৫-১৬ জুনত হোৱা সংঘৰ্ষৰ বাবে চীনৰ কমিউনিষ্ট চৰকাৰে আগৰ পৰাই ষড়যন্ত্ৰ ৰচিছিল। 

আমেৰিকা-চীন আৰ্থিক আৰু সুৰক্ষা সমীক্ষা আয়োগে(USCC) নতুনকৈ প্ৰকাশ কৰা তথ্য অনুসৰি চীনে ভাৰতীয় সেনাৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বহু কেইটা প্ৰমাণ ইতিমধ্যে লাভ কৰা গৈছে। লগতে এই সমীক্ষাত সৈনিকৰ হত্যাৰ পৰিকল্পনাও আগৰ পৰাই অন্তৰ্ভুক্ত আছিল বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে, প্ৰকৃতাৰ্থত চীনে কিয় এনে এক ষড়যন্ত্ৰত লিপ্ত হৈছিল তাৰ তথ্য বৰ্তমানেও পোহৰলৈ অহা নাই। 

media school
Leave A Reply

Your email address will not be published.