তিমি মাছৰ বমিয়ে সলনি কৰিলে ভাগ্য! নিশাটোৰ ভিতৰতে কোটিপতি হ’ল মাছমৰীয়া—

0 194

সপোনতো ভাৱিব নোৱাৰা এক ঘটনা।
তিমি মাছৰ বমিয়েই নিশাটোৰ ভিতৰতে ভাগ্য সলাই দিলে থাইলেণ্ডৰ এজন মাছমৰীয়াৰ
ডেইলি মেইল বাতৰি অনুসৰি, নাৰিছ নামৰ সেই মাছমৰীয়াজনে তিমিৰ বমিক প্ৰথমতে সাধাৰণ শিলৰ টুকুৰা এটা বুলি ভাৱিছিল। কিন্তু ইয়াৰ প্ৰকৃত দাম হৈছে ২৫কোটি টকা।
প্ৰায় ১০০ কিলোগ্ৰাম ওজনৰ এই ‘আম্বাৰগ্ৰিছ’ৰ টুকুৰাটো বৰ্তমানলৈ পোৱা আটাইতকৈ বৃহত্তম টুকুৰা। ইয়াক বহু মূল্যবান কামত ব্যৱহাৰ কৰা হয় আৰু ই এবিধ উৎকৃষ্টতম সুগন্ধিৰো উৎস।
মাছমৰীয়া নাৰিছৰ মাহিলি আয় ৫০০পাউণ্ড অৰ্থাৎ প্ৰায় ৫০হাজাৰ টকা। স্বাভাৱকিতে তেওঁৰ ভাগ্যত ২৫কোটি টকা আহিব তেনে কোনো কল্পনাই মনত নাছিল। এজন ব্যৱসায়ীয়ে নাৰিছক তিমিৰ সেই বমিৰ বাবে ২৫কোটি টকা দিয়াৰ প্ৰস্তাৱ দিছে।
বাতৰি অনুসৰি, মাছমৰীয়াজনে এই ‘আম্বাৰগ্ৰিছ’ৰ সুৰক্ষাৰ কথা চিন্তা কৰি আৰক্ষীক অৱগত কৰাব।

বৈজ্ঞানিক ভাষাত তিমিৰ এই বমিক আম্বাৰগ্ৰিছ বুলি কোৱা হয়। এয়া তিমিৰ শৰীৰৰ পৰা বৰ্জনীয় পদাৰ্থ।
তিমি সাধাৰণতে সাগৰৰ উপকূলৰ পৰা বহু দূৰত অৱস্থান কৰি থাকে বাবে ইয়াৰ দেহৰ পৰা এই পদাৰ্থ সাগৰৰ পাৰত অহালৈ বহু বছৰ লাগে।

media school
Leave A Reply

Your email address will not be published.