স্থগিত এইচ ডি এফ চি বেংকৰ ক্ৰেডিটৰ কাৰ্ড আবন্টন

0 213

ক্ৰেডিট কাৰ্ড আবন্টন স্থগিত ৰাখিবলৈ আৰু নতুন ডিজিটেল পৰিসেৱাসমূহ বন্ধ কৰিবলৈ এইচ ডি এফ চি বেংকক নিৰ্দেশ দিয়ে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই(আৰ বি আই)। বুধবাৰে সেই মৰ্মে এইচ ডি এফ চি বেংকক এক নিৰ্দেশনা জাৰী কৰে। বুধবাৰে সেই মৰ্মে এইচ ডি এফ চি বেংকক এক নিৰ্দেশনা জাৰী কৰে আৰ বি আইয়ে। আৰ বি আইয়ে জনোৱা মতে, বিগত দুই বছৰত এইচ ডি এফ চি বেংকৰ ইন্টাৰনেট আৰু এপ-নিৰ্ভৰ মোবাইল পৰিসেৱাত নানান ক্ৰটি ধৰা পৰিছে। যোৱা ২১ নৱেম্বৰত বৃহত্তৰ বেচৰকাৰী বেংকটোৰ বহু গ্ৰাহকে ডিজিটেল পৰিসেৱাত বিভ্ৰান্তৰ ভুক্তভোগী হৈছিল। সেয়েহে ডিজিটেল পৰিসেৱাত বিভ্ৰান্তৰ ভুক্তভোগী হৈছিল। সেয়েহে ডিজিটেল ২.০ৰ অধিনস্থ ইন্টাৰনেট আৰু মোবাইল বেংকিং পৰিসেৱাত এই নিৰ্দেশনা জাৰি কৰা হৈছে।

২০১৮ৰ ডিচেম্বৰত এইচ ডি এফ চি কতৃপক্ষই নতুন বেংকিং মোবাইল এপ আৰম্ভ কৰিছিল। কিন্তু আৰম্ভ হোৱাৰ কেইঘন্টামানৰ পাছতে এপটো ‘ক্ৰেছ’ হৈ যায়। বহু গ্ৰাহকেই এই সমস্যাৰ ভুক্তভোগী হৈছিল। বেংকৰ ছাৰ্ভাৰে অসংখ্য গ্ৰাহকৰ ভৰ গ্ৰহণ কৰিব নোৱাৰে বুলি অভিযোগ উত্থাপল হৈছিল। সাধাৰণতে এনে পৰিসেৱা গাফিলতিৰ আভিযোগত অনুসন্ধান আৰম্ভ কৰা হৈছে। ছেপ্তেম্বৰৰ তথ্য অনুযায়ী, ‘এইচ ডি এফ চি বেংকৰ তিনি লাখ ৩৮ হাজাৰ গ্ৰাহকৰ ভিতৰত এক লাখ ৪৯ হাজাৰজন গ্ৰাহকে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে।’

media school
Leave A Reply

Your email address will not be published.