সাপক গাখীৰ খুৱাই ডাঙৰ কৰা মানুহজন,নিজ সন্তানৰ দৰে লালন-পালন কৰিছে অজগৰ আৰু ৰজাফেঁটীক

0 163

“সাপক গাখীৰ খুওৱা” এই কথাষাৰৰ অৰ্থ আজি সম্পূৰ্ণৰূপে সলনি কৰিছে এগৰাকী বৌদ্ধ ভিক্ষুৱে।
নিজ সন্তানৰ দৰে লালন-পালন কৰি আহিছে এডাল অজগৰ আৰু এডাল ৰজাফেঁটীক। ৬৯ বছৰীয়া এগৰাকী খেয়ালীমনৰ প্ৰকৃতিপ্ৰেমী ভিক্ষুৱে সম্পাদন কৰিছে এই অসাধাৰণ কাম। যাৰ এটা স্পৰ্শত বিষাক্ত ‘কিং কোব্ৰা’ও হয় শান্ত।
পোহনীয়া জন্তুৰ প্ৰতি অধিকাংশ লোকৰে থাকে স্বাভাৱিক ভালপোৱা । কিন্তু এগৰাকী ভিক্ষুৰ সৰ্পপ্ৰেমে দখল কৰিছে সংবাদ শিৰোনাম।

ম্যানমাৰৰ য়াংগুনত ৱিলেঠা সিকতা নামৰ এগৰাকী বৌদ্ধ ভিক্ষুৱে অজগৰ, কিং কোব্ৰাকে ধৰি বহুকেইটা বিষাক্ত সাপৰ বাবে বৌদ্ধ মঠতে নিৰ্মাণ কৰিছে এক আশ্ৰয় স্থল। বিষাক্ত তথা লুপ্তপ্ৰায় বিভিন্ন প্ৰজাতিৰ সাপক চোৰাং-চিকাৰীৰ ক’লা বজাৰৰ পৰা ৰক্ষা কৰিবলৈ এই বিশেষ প্ৰচেষ্টা হাতত লৈছে বৰ্ষীয়ান ভিক্ষুগৰাকীয়ে।

সাপৰ সংৰক্ষণ তথা আশ্ৰয়ৰ হকে প্ৰায় পাঁচবছৰৰ পৰা কাম কৰি আহিছে ভিক্ষুগৰাকীয়ে। ভিক্ষুগৰাকীৰ এই প্ৰচেষ্টাত অঞ্চলটোৰ স্থানীয় বাসিন্দাসকলৰ লগতে সহায় কৰি আহিছে চৰকাৰী সংস্থাসমূহেও।
ভিন্ন প্ৰজাতিৰ আঘাতপ্ৰাপ্ত সাপ পৰিচৰ্যাৰ পাচত বনাঞ্চলত এৰি দিয়াৰ ক্ষেত্ৰটো ৱিলেঠাক সহায়ৰ হাত আগবঢ়ায় চৰকাৰী সংস্থাসমূহে। 

আঘাতপ্ৰাপ্ত সাপক নিজে পিন্ধি থকা কাপোৰেৰেই পৰিষ্কাৰ কৰে ৱিলেঠা সিকতাই। বনাঞ্চললৈ ঘূৰাই পঠাব নোৱাৰা পৰ্যন্ত অজগৰ আৰু কোব্ৰাকে ধৰি আন বিষাক্ত সাপক নিজৰ সন্তানৰ দৰে মৰম তথা পৰিচৰ্যা কৰে বৌদ্ধ ভিক্ষুগৰাকীয়ে। বৰ্ষীয়ান ভিক্ষুগৰাকীৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে স্থানীয় বাসিন্দাৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ প্ৰকৃতিপ্ৰেমীসকলে। 

media school
Leave A Reply

Your email address will not be published.