প্ৰাক্তন প্ৰধানমন্ত্ৰীক চৰম উপেক্ষা কেন্দ্ৰৰ;ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত

0 203

পুনৰ গেৰুৱা দলৰ নাম সলনিৰ ৰাজনীতি।এইবাৰ কেৰেলাৰ ৰাজধানীত নিৰ্মাণ হ’বলগীয়া ৰাজীৱ গান্ধী চেণ্টাৰ ফৰ বায়’টেকন’লজি নামৰ প্ৰতিষ্ঠানটোৰ দ্বিতীয়টো চৌহদটো আৰ এছ এছৰ প্ৰাক্তন মুৰব্বী মাধৱ সদাশিৱ গোলৱালিকৰৰ নামেৰে ৰাখিবলৈ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।

ইয়াকে লৈ ইতিমধ্যে দেশৰ ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটে।কেন্দ্ৰীয় চৰকাৰৰ এনে বিতৰ্কিত সিদ্ধান্তৰ বিৰোধীতাৰে ইতিমধ্যে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়েনে এখন পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে প্ৰতিষ্ঠানটোত অনুষ্ঠিত ভাৰতীয় আন্তজাৰ্তিক বিজ্ঞান মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্ধনে এই কথা উল্লেখ কৰিছিল।অৱশ্যে এইক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে কয় যে-“এয়া গেৰুৱা দলৰ ৰাজনৈতিক ষড়যন্ত্ৰ,গোলৱালিকৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ বাদে একো কৰা নাছিল।”

media school
Leave A Reply

Your email address will not be published.