শিক্ষা মন্ত্ৰ্যালয়ৰ নতুন স্কুল বেগ নীতি;শিশুৰ পিঠিত বিদ্যালয়ে জাপি দিব নোৱাৰিব অত্যাধিক বোজা

0 187

মংগলবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিলে ২০২০চনৰ স্কুল বেগ নীতি।দেশৰ শিক্ষা মন্ত্ৰ্যালয়ে প্ৰস্তুত কৰা ২০২০ বৰ্ষৰ স্কুল বেগ নীতি অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ লৈ যোৱা বেগৰ ওজন তেওঁলোকৰ শৰীৰৰ ওজনৰ ১০ শতাংশতকৈ অধিক হ’ব নোৱাৰিব।

ছাত্ৰ-ছাত্ৰী সকলৰ বেগৰ ওজন নিৰূপনৰ বাবে বিদ্যালয় সমূহত ডিজিটেল ওজন জোখা মেচিনো থাকিব লাগিব বুলি শিক্ষা মন্ত্ৰ্যালয়ে জাননীত উল্লেখ কৰে।
উল্লেখযোগ্য যে, ২০১৮ চনত অসমৰ শিক্ষা বিভাগে স্কুল বেগৰ ওজন হ্ৰাস কৰা সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল।

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে সৰ্বোচ্চ ওজন ১.৫ কেজি, তৃতীয় আৰু ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে সৰ্বোচ্চ ৩ কেজি, ৫ম আৰু ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ৪ কেজি আৰু ৮ম, ৯ম আৰু ১০ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কঢ়িয়াবলগীয়া সৰ্বোচ্চ ওজন আছিল ৫ কেজি।

media school
Leave A Reply

Your email address will not be published.