১১ ডিচেম্বৰ ‘ক’লা দিৱস’- ঘোষণা উত্তৰ-পূব ছাত্ৰ সন্থাৰ

0 275

১১ ডিচেম্বৰৰ দিনটো ‘ক’লা দিৱস’ হিচাপে পালন কৰিব বুলি ঘোষণা কৰিছে উত্তৰ-পূব ছাত্ৰ সন্থাই।কিয়নো ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনটোতে সদনত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা গৃহীত হৈছিল।
এই দিনটোত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰে মুখ্য অঞ্চল সমূহত ছাত্ৰ সংগঠনটোৰ সদস্যসকলে ক’লা পতাকা আৰু ক’লা বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিব।

এই সন্দৰ্ভত নেছোৰ অধ্যক্ষ চেমুৱেল জিৰৱাই কয়, ‘উত্তৰ-পূবৰ বলিষ্ঠ প্ৰতিবাদক আওকান কৰি কেন্দ্ৰই যোৱা বৰ্ষৰ ১১ ডিচেম্বৰত এই জাতিধ্বংসী আইনখন গৃহীত কৰিছিল। সেয়ে নেছোই ১১ ডিচেম্বৰৰ দিনটো উত্তৰ-পূবৰ বাবে ক’লা দিন বুলি ঘোষণা কৰিছিল’।


তেওঁ লগতে কয় যে ১১ ডিচেম্বৰৰ দিনটো ক’লা দিৱস হিচাপে পালন কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে জানিব পাৰিব যে উত্তৰ-পূবৰ লোকে এতিয়াও কা মানি লোৱা নাই।উল্লেখ্য উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ ছাত্ৰ সংগঠনক সামৰি গঠন হৈছিল নেছো।

Leave A Reply

Your email address will not be published.