ব্ৰিটেইনত শুভাৰম্ভ ‘ফাইজাৰ’ কৰোনা ভেকচিনৰ সামূহিক টিকাকৰণ
মহাসংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ বিশ্বত প্ৰথমবাৰৰ বাবে ইংলেণ্ডত সূচনা হ’ল ক’ভিড-১৯ কৰোনা প্ৰতিষেধকৰ গণ টীকাকৰণ কাৰ্যসূচী ।
“মাৰ্গাৰেট কীনান“ নামৰ ৯০ বছৰীয়া ব্ৰিটিছ মহিলাৰ শৰীৰত প্ৰয়োগ কৰে প্ৰতিষেধকৰ প্ৰথমটো ভেকচিন ।বিশ্বৰ অগ্ৰণী ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ফাইজাৰে প্ৰস্তুত কৰা কৰোনা প্ৰতিষেধকৰ ভেকচিন বজাৰত মুকলি কৰে । মাৰ্গাৰেট কিনানৰ মতে – “এয়া মোৰ জন্মদিনৰ আগতীয়া উপহাৰ লগতে কয় ৯০বছৰ বয়সত মই ল’ব পাৰো ,তেন্তে আপোনালোকেও ল’ব পাৰিব ।” ফাইজাৰৰ কৰোনা প্ৰতিষেধক ৯০শতাংশ কাৰ্যক্ষম বুলি ইংলেণ্ড আৰু মার্কিন বিশেষজ্ঞসকলে ঘোষণা কৰিছে ।
ব্ৰিটেইনত আৰম্ভ হোৱা গণ টিকাকৰণৰ প্ৰথম পৰ্যায়ত পুৰুষৰ ভিতৰত কোৰোনা প্ৰতিষেধক গ্ৰহণ কৰা ৮৭ বছৰীয়া প্ৰথম প্ৰবাসী ভাৰতীয় ড৹ হৰি শুক্লাৰ নাম লিপিবদ্ধ হয় । ইংলেণ্ডৰ প্ৰথম পৰ্যায়ত জেষ্ঠ নাগৰিক আৰু স্বাস্থ্য কৰ্মীসকলক প্ৰদান কৰা হৈছে কোৰোনা প্ৰতিষেধক ।