ৰাজ্য চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ;দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা চৰকাৰৰ—-

0 188

প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰে এক যুগান্তকাৰী পদক্ষেপ।দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

২৩১.৬৫ বৰ্গ কিলোমিটাৰৰ এই বৰ্ষাৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।নেচাৰ্ছ বেকনে পোনপ্ৰথমবাৰলৈ এই আপুৰুগীয়া বৰ্ষাৰণ্যখনক বিশ্বৰ সন্মুখত তুলি ধৰিছিল।

ইয়াৰ পাছতেই ১৯৯৪ চনৰ পৰা এই বৰ্ষাৰণ্য খনক সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰি জনমত গঠন কৰি অহা হৈছিল।দিহিং-পাটকাই অভয়াৰণ্যৰ মাটিকালি পৰিবৰ্ধিত কৰি অসমৰ বৰ্ষাৰণ্য অঞ্চলক ৰাষ্ট্ৰীয় উদ্যানৰূপে সংৰক্ষিত কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।


অৱশ্যে ইয়াৰ পূৰ্বে ২০০৪ চনত বৰ্ষাৰণ্যখনৰ সামান্য অঞ্চলক সামৰি অভয়াৰণ্য গঠন কৰা হৈছিল যদিও বৰ্ষাৰণ্যৰ সৰ্বাধিক উৎকৃষ্ট অঞ্চল জয়পুৰ বনাঞ্চলক সংৰক্ষণ অঞ্চলৰ বাহিৰত থোৱা হৈছিল।

media school
Leave A Reply

Your email address will not be published.