কোভিড প্ৰতিষেধকৰ নতুন বিসংগতি,নিষেধাজ্ঞা জাৰি কৰিছে এম এইচ আৰ-এ

0 183

দীৰ্ঘদিনৰ অপেক্ষাৰ পাছত ব্ৰিটেইনত আৰম্ভ হৈছে কোভিড প্ৰতিৰোধী ফাইজাৰৰ গণটিকাকৰণ প্ৰক্ৰিয়া।কিন্তু শেহতীয়াকৈ এই প্ৰতিষেধকক কেন্দ্ৰ কৰি কেতবোৰ বিভিন্ন অভিযোগ উত্থাপন হৈছে।
কিয়নো প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতেই বহুকেইজন লোকে এলাৰ্জিৰ সমস্যাত ভুগিছে।

এই ক্ষেত্ৰত যিসকল লোক অধিক মাত্ৰাত এলাৰ্জিত ভোগে তেওঁলোকক ফাইজাৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ ক্ষেত্ৰত এম এইচ আৰে নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিৰ্দেশনাতোত কোৱা হৈছে- যিসকল লোকৰ খাদ্য-বস্তু খোৱাৰ ফলত নতুবা ঔষধ বা প্ৰতিষেধক গ্ৰহণৰ পিছত এলাৰ্জি সমস্যাত ভোগে তেনে লোকক এই প্ৰতিষেধক গ্ৰহণত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.