নেপালেৰে ভাৰতৰ এয়াৰ বাব্‌ল চুক্তি সম্পন্ন

0 229

মালদ্বীপ আৰু বাংলাদেশৰ পিচত চুবুৰীয়া দেশ নেপালৰ সৈতে এয়াৰ বাব্‌ল চুক্তি সম্পাদন কৰিছে ভাৰতে।ভাৰতৰ বৈদেশিক সচিবৰ নেপাল ভ্ৰমণৰ সময়তে দুয়োখন দেশৰ মাজতেই এই চুক্তি সম্পাদিত হয়।

এই চুক্তিৰ অধীনত কাঠমাণ্ডু আৰু নতুন দিল্লীৰ মাজত এয়াৰ ইণ্ডিয়া আৰু নেপাল এয়াৰলাইনছৰ দৈনিক এখনকৈ বিমান চলাচল কৰিব।

উল্লেখ্য যে, ভাৰতৰ বৈদেশিক সচিব হৰ্ষবৰ্ধন শৃংগলাই নেপাল ভ্ৰমণৰ সময়ত দেশখনৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক সাক্ষাৎ কৰিছিল।তাৎক্ষণিকভাৱে প্ৰযোজ্য হ’বলগীয়া এই চুক্তিখনে দুয়োখন দেশৰ মাজতে স্বাভাৱিক বিমানসেৱা আৰম্ভ নোহোৱালৈকে বাহাল থাকিব।

media school
Leave A Reply

Your email address will not be published.