‘মহাপাপ’ কৰিছে হুমাই,সমালোচনা কৰিছে বহুজনে,কিন্তু কি পাপ কৰিলে হুমা কুৰেছিয়ে ?

0 191

ইনষ্টাগ্ৰামৰ এখন বিশেষ ফটো।এই ফটোখনক লৈ শেহতীয়াকৈ একাংশৰ ৰোষত পৰিছে বলীউডৰ মোহময়ী অভিনেত্ৰী হুমা কুৰেছি।আনকি হুমা কুৰেছিক লৈ এতিয়া ছ’চিয়েল মিডিয়াত প্ৰতিবাদৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে।

কিন্তু কি ‘মহাপাপ’ কৰিলে হুমা কুৰেছিয়ে?

দৰাচলতে অভিনেত্ৰী হুমাই শেহতীয়াকৈ ইনষ্টাগ্ৰামত তেওঁৰ এখন ফটো আপলোড কৰিছে। ফটো খনত হুমাই মদৰ গিলাছ সন্মুখতৈ লৈ বহি থকা দেখা গৈছে।লগতে হুমাই এই বুলি লিখিছে যে শীতৰ দিনত মুম্বাইত বহি থাকি তেওঁ গ্ৰীষ্মৰ অনুভূতি লাভ কৰিছে। সেয়ে গৰমৰ পৰা ৰক্ষা পৰি নিজকে সতেজ কৰি ৰাখিবলৈ তেওঁ পেগৰ আশ্ৰয় লৈছে।আনকি শৰীৰৰ সতেজ কৰি তুলিব পৰা মদৰ পেগ কিদৰে তৈয়াৰ কৰিব পাৰি তাৰো টিপছ্ দিছে হুমাই।

এই কথাতে ক্ষুদ্ধ হৈ পৰিছে একাংশ লোক।একাংশই এই বুলি কৈছে যে ইছলামত মদ খোৱাটো পাপ আৰু হুমাই সেই পাপেই কৰিছে।হুমাৰ এই কাৰ্যক লৈ বহুতে ছ’চিয়েল মিডিয়াত হুমাক অতি কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও সূৰ্য প্ৰণাম কৰাৰ বাবে বা আন কোনো মন্তব্যৰ বাবে বলীউডৰ বহু অভিনেতা-অভিনেত্ৰী মৌলবাদীৰ ৰোষত পৰিবলগীয়া হৈছিল।

media school
Leave A Reply

Your email address will not be published.