১৭ বছৰে গোপনে ৰখা এটা কৰুণ সত্য,আৱেগিক কিৰেণ ৰিজিজু, কিন্তু কি সেই সত্য?

0 214

এটা কৰুণ সত্য।যি সত্য বিগত ১৭ বছৰে গোপনে ৰাখিছিল ভাৰতৰ লং জাম্পাৰ অঞ্জু ববী জৰ্জে।২০০৩ চনত পেৰিছত আয়োজিত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰি এই খিতাপ লাভ কৰা প্রথম ভাৰতীয় হিচাবে পৰিগণিত হোৱা অঞ্জ ববী জৰ্জে যোৱা ১৭ বছৰে কঢ়িয়াই লৈ ফুৰিছে এক যন্ত্ৰণা।

টুইটাৰত জীৱনৰ এক গোপন সত্য সদৰী কৰি অঞ্জু ববী জৰ্জে লিখিছে —‘বিশ্বাস কৰক বা নকৰক,মই বহু কম ভাগ্যৱানৰ ভিতৰৰে এগৰাকী যিয়ে কেৱল এটা কিডনীলৈয়েই বিশ্ব খিতাপ জয় কৰিছো।বিষনাশক দৰৱৰ প্ৰতিও মই এলাৰ্জীক হৈ পৰিছিলো…’কেৱল এটা কিডনীৰে জীয়াই থাকিবলগীয়া হোৱা বাবে খেলুৱৈ গৰাকীয়ে যি যাতনা ভোগ কৰিবলগীয়া হৈছিল সেই কথা টুইটটোৰ জৰিয়তে সদৰী কৰে।

কিন্তু এনে শাৰীৰিক বাধাৰ কথা বিগত সোতৰে বছৰে তেওঁ কাকো জানিবলৈ দিয়া নাছিল।এই বাধাক নেওঁচি তেওঁ বিশ্ব জয় কৰিছিল।আজুৰি আনিছিল ভাৰতৰ বাবে সন্মান।অঞ্জু ববী জৰ্জৰ এই টুইটে দেশবাসীক মৰ্মাহত কৰাৰ লগতে হৃদয় জোকাৰি গৈছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰো।

অঞ্জু ববীৰ টুইটৰ উত্তৰত ৰিজিজুৱে এইবুলি লিখিছে — ‘অঞ্জু এয়া তোমাৰ পৰিশ্ৰম,দৃঢ়তাআৰু সংকল্পৰ ফল। তোমাৰ কোচিং টিমৰ বাবেও এয়া সম্ভৱ হৈ উঠিছে। আমি তোমাকলৈ গৰ্বিত’।

এটা সাক্ষাৎকাৰ অঞ্জুৱে কৈছে যে ২০০১ চনতে তেওঁৰ দেহত কেৱল এটা কিডনী সক্ৰিয় হৈ থকাৰ কথা তেওঁ জানিব পাৰিছিল।কিন্তু কেৱল মাত্ৰ দেশবাসীৰ মৰম তথা আশীৰ্বাদ শিৰতলৈ তেওঁ আগুৱাই গৈছিল।প্ৰচণ্ড মনোবলেৰে অসাধ্যকো সাধ্য কৰি তুলিব পাৰি তাৰ প্ৰমাণ দাঙি ধৰিছে অঞ্জুৱে।

Leave A Reply

Your email address will not be published.