২০২০ত ভাৰতত গুগ’ল ছাৰ্ছৰ শীৰ্ষত জ’ বিডেন, অৰ্ণৱ গোস্বামী

0 237

বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ছাৰ্ছ ইঞ্জিন গুগ’লত ছাৰ্ছ কৰা ব্যক্তিৰ তালিকাৰ শীৰ্ষত আমেৰিকাৰ সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেন।

গুগ’লে প্ৰকাশ কৰা ২০২০ চনৰ ভাৰতৰ বছৰেকীয়া ‘ইয়েৰ ইন ছাৰ্ছ’ তালিকাত সৰ্বাধিক ছাৰ্ছ হোৱা ব্যক্তিৰ তালিকাত প্ৰথম স্থান জ’ বিডেনৰ। বিডেনৰ পিছতে সৰ্বাধিক গুগ’ল ছাৰ্ছ হোৱা ব্যক্তিগৰাকী হ’ল সাংবাদিক অৰ্ণৱ গোস্বামী।

আশ্চৰ্যজনকভাৱে তালিকাৰ তৃতীয়ত আছে গায়িকা কণিকা কাপুৰ। কিয়নো কণিকা কাপুৰ হ’ল কৰ’নাত আক্ৰান্ত হোৱা প্ৰথমগৰাকী জনপ্ৰিয় চেলিব্ৰেটী। কণিকাৰ পিছতে ভাৰতত সৰ্বাধিক গুগ’ল ছাৰ্ছ হোৱা ব্যক্তিগৰাকী হ’ল উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিংজং য়ুন। কিমৰ পিছত আছে অমিতাভ বচ্চন, আফগানিস্তানৰ ক্ৰিকেটাৰ ৰছিদ খান, আমেৰিকাৰ নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ, সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী, অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী, অংকিতা লোখাণ্ডে আৰু শেষত আছে কংগনা ৰাণাৱট।

media school
Leave A Reply

Your email address will not be published.