চি বি আইৰ ‘ভল্টৰ’ পৰা উধাও বৃহৎ পৰিমাণৰ সোণ—–

0 219

চি বি আইৰ ‘ভল্ট’ৰ পৰা হঠাৎ অন্তৰ্ধান হ’ল এক বুজন পৰিমাণৰ বাজেয়াপ্ত সোণ।
ভল্টৰ চাবি চেন্নাইস্থিত চি বি আইৰ বিশেষ আদালতত জমা দিয়া হৈছিল যদিও এই চাবি চি বি আইয়ে আদালতত  জমা কৰিছিল নে নাই সেই বিষয়ে সঠিকভাৱে জনোৱা নাই।

এই সোণৰ বজাৰ মূল্য প্ৰায় ৪৫ কোটি টকা। মুঠ সোণৰ পৰা ১০৩ কিলোগ্ৰাম সোণ ইতিমধ্যে অন্তৰ্ধ্যান হৈ পৰিছে। ২০১২ত সুৰাণা কৰ্প’ৰেচন নামৰ চেন্নাইৰ এটা প্ৰতিষ্ঠানৰ পৰা এই সোণ বাজেয়াপ্ত কৰিছিল চি বি আইয়ে।

সুৰাণা কৰ্প’ৰেচনে বিদেশৰ পৰা এই সোণ-ৰূপ আমদানি কৰিছিল।প্ৰতিষ্ঠানটোৰ পৰা চি বি আইয়ে বাজেয়াপ্ত কৰিছিল  চাৰিশ কিলোগ্ৰাম সোণ। উল্লেখ্য যেবিগত কেইবাটাও বছৰ ধৰি এই বিশাল পৰিমাণৰ সোণক লৈ আদালতত গোচৰ চলি আছে।

media school
Leave A Reply

Your email address will not be published.