ন্যায় লাভৰ দিশে অভি-নীলৰ পৰিয়াল,কিছু আশাৰ ৰেঙনি দেখা পাইছে দুই ভুক্তভোগী পৰিয়ালে

0 302

ন্যায় লাভৰ দিশে অভি-নীলৰ হত্যাকাণ্ড, ৪২গৰাকী সাক্ষীৰ সাক্ষ্যদান সমাপ্ত : দেশজুৰি কপাঁই যোৱা অভি-নীলৰ হত্যাকাণ্ডত চাক্ষুষ সাক্ষীসকলৰ একাংশই নিজৰ ভাষ্য সলনি কৰাৰ বাবে এক প্ৰকাৰৰ নিৰাশ হৈ পৰিছিল পৰিয়ালৰ লোকসকল।কিন্তু তিনিগৰাকী চাক্ষুচ সাক্ষীয়ে আদালতত দিয়া ভাষ্যৰ পৰিপ্ৰেক্ষিতত কিছু আশাৰ ৰেঙনি দেখা পাইছে দুই ভুক্তভোগী পৰিয়ালে।

শুকুৰবাৰে নগাঁও আদালতত এই হত্যাকাণ্ডৰ চাক্ষুষ সাক্ষীয়ে ঘটনাৰ সুবহু বৰ্ণনা দিয়াৰ বাবে ন্যায় লাভৰ দিশে অভি লাভ কৰিব বুলি আশাবাদী দুই পৰিয়াল। উল্লেখ্য যে, বৰ্তমানলৈকে ৭১ গৰাকী সাক্ষীৰ ভিতৰত ৪২ গৰাকী সাক্ষীৰ ইতিমধ্যে সাক্ষ্যদান সমাপ্ত হৈছে।

২০১৮ বৰ্ষৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰিত গাঁৱত এদল উন্মত্ত লোকে সোপাধৰাৰ সন্দেহত নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল দুই যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাস নামৰ দুই যুৱকক।

media school
Leave A Reply

Your email address will not be published.