পি এম কেয়াৰ্ছ ফাণ্ডলৈ সেনাৰ অনুদান,আগবঢ়ালে ২০৩ কোটি

0 190

কোভিড-১৯এ সমগ্ৰ দেশত তাসৰ সৃষ্টি কৰাৰ সময়তে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ আৰ্থিক সাহায্য বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিছিল ‘পি এম কেয়াৰ্ছ ফাণ্ড’।ক’ৰোনা কাল তথা লকডাউনৰ সময়তো বহু আগশাৰীৰ সংস্থা , বিভিন্ন চৰকাৰী বিভাগে এই ফাণ্ডলৈ অনুদান আগবঢ়াইছে বুলি কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিয়ে।কিন্তু এই সংস্থা তথা চৰকাৰী বিভাগসমূহৰ নাম ৰাজহুৱা কৰিবলৈ বিৰোধী দলসমূহে চৰকাৰক দাবী উত্থাপন কৰি আহিছে।

কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি দেশৰ সেনাবাহিনীয়ে পি এম কেয়াৰ্ছ ফাণ্ডলৈ প্ৰায় ২০৩.৬৭কোটি টকা অনুদান আগবঢ়ায়।
নিজৰ দৰমহাৰ পৰা কিছু ধন কৰ্তন কৰি এই ধন অনুদান হিচাপে আগবঢ়াইছিল সেনাবাহিনীয়ে।।আনহাতে ক’ৰনা কালত দেশবাসীৰ মংগলৰ বাবে আগবঢ়োৱা এই বৃহৎ অনুদানৰ বাবে এতিয়া সমগ্ৰ দেশবাসীয়ে সেনাক ধন্যবাদ জনাইছে।

media school
Leave A Reply

Your email address will not be published.