ভাল খবৰ দিব ওলাইছে নেহা কক্কৰ আৰু ৰোহনপ্ৰীত,চোছিয়েল মিডিয়াত শুভাকাংশীৰ শুভেচ্ছা,পিছে এটা খবৰে সকলোৰে আশাত ঢালিলে চেঁচা পানী——-

0 299

বলিউডৰ জনপ্ৰিয় আৰু সুকন্ঠী গায়িকা নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ ঘৰলৈ আহিব এক নতুন আলহী। এই কথাৰ ইংগিত দিছে ইনষ্টাগ্ৰামত পোষ্ট কৰা নেহা-ৰোহনৰ এখন বিশেষ ফটোৱে।ইয়াৰ পিছতেই ছোচিয়েল মিডিয়াত ভিৰ কৰিছে সহস্ৰ অনুৰাগীয়ে।কোনোৱে যদি নৱ দম্পত্তিক শুভেচ্ছা জনাইছে আন কোনোৱে আকৌ এই খবৰক লৈ ট্ৰ’ল কৰিছে।

ইতিমধ্যে বহু সংবাদমাধ্যমে এই খবৰ প্ৰচাৰো কৰিছে।


পিছে শেহতীয়াকৈ নেহা-ৰোহনৰ এই ভাইৰেল ফটোখনৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিছে।দৰাচলতে এয়া নেহাৰ কক্কৰৰ নতুনকৈ আহিব লগা এটা গানৰ ক’ভাৰ ফটোহে।উল্লেখ্য যে ইয়াৰ পূৰ্বেও নতুন গান ৰিলিজৰ পূৰ্বে অনুৰাগীৰ মাজত এনে ধৰণৰ দৃষ্টি আকৰ্ষণ কৰা ফটো চেয়াৰ কৰি চৰ্চিত হৈছিল নেহা।

media school
Leave A Reply

Your email address will not be published.