হুক্কা বাৰসমূহক লৈ কঠোৰ মহানগৰ প্ৰশাসন, ৭ দিনৰ ভিতৰত বন্ধৰ নিৰ্দেশনা

0 244

হুক্কা বাৰসমূহক লৈ কঠোৰ হৈছে মহানগৰ প্ৰশাসন। আগন্তুক ৭ দিনৰ ভিতৰত গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা সকলো হুক্কা বাৰসমূহ বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

জাননী অনুসৰি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই কয় যে ৰাজ্য চৰকাৰ, গুৱাহাটী উন্নয়ন বিভাগৰ সহযোগত মহানগৰীত থকা চলি থকা সকলো হুক্কা বাৰ বন্ধ কৰক।

আগন্তুক দিনত গুৱাহাটী পৌৰ নিগমে নতুন হুক্কা বাৰৰ অনুজ্ঞাপত্ৰ প্ৰদান নকৰে আৰু পুৰণি হুক্কা বাৰৰ অনুজ্ঞাপত্ৰ সমূহ পুনৰায় নৱীকৰণ কৰা নহ’ব বুলি উল্লেখ কৰে।
অৱশ্যে এতিয়ালৈ হুক্কা বাৰসমূহ বন্ধ কৰাৰ সঠিক কাৰণ প্ৰকাশ কৰা নাই

Leave A Reply

Your email address will not be published.